Tribalization demands huge mass meeting in Jorhat:
ছয় জনগোষ্ঠীক জনজাতিকৰণ তথা বিভিন্ন সমস্যা সমাধানৰ দাবীৰে আজি পুনৰ এবাৰ উত্তাল হৈ পৰে যোৰহাট। জনজাতিকৰণৰ দাবীৰে আজি বিজেপি চৰকাৰৰ বিৰুদ্ধে হুংকাৰ দিয়ে সহস্ৰাধিক মহিলা তথা যুৱক যুৱতীয়ে। আজি যোৰহাটৰ আই টি আই খেলপথাৰত হাতে হাতে বেনাৰ, প্লে কাৰ্ড লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে চুতীয়া জাতি ছাত্ৰ সন্থাই।
সদৌ যোৰহাট জিলা চুতীয়া জাতি ছাত্ৰ সন্থাৰ উদ্যোগত আৰু যোৰহাট জিলা চুতীয়া জাতি সন্মিলন, মহিলা সন্মিলন, যুৱ সন্মিলন আৰু তিতাবৰ জিলা চুতীয়া জাতি সন্মিলন , মহিলা সন্মিলন, যুৱ সন্মিলনৰ সহযোগিতাত হোৱা এই বিশাল গণ সমাবেশত অংশগ্ৰহণ কৰি প্ৰতিবাদী ৰাইজে বিজেপি চৰকাৰৰ বিৰুদ্ধে হুংকাৰ দিয়াৰ লগতে অহা বহাগ বিহুৰ পূৰ্বে ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।
বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰ এক ঐতিহাসিক জাতি হোৱাৰ পিছতো বিগত আৰু চলিত চৰকাৰসমূহে আজিকোপতি জনগোষ্ঠীটোক অসমৰ অন্যান্য জনগোষ্ঠীসমূহৰ লগত খোজত খোজ মিলাই সম্পূর্ণ মর্যাদা সহকাৰে জীয়াই থকাৰ পৰিৱেশ সৃষ্টি কৰাৰ ক্ষেত্ৰত তিলমানো গুরুত্ব প্রদান কৰা দেখা নগ’ল। বিপৰীতে মাহী আইৰ দৃষ্টিৰেহে চোৱা পৰিলক্ষিত হৈছে। জনগোষ্ঠীটোৰ একমাত্র ছাত্র সংগঠন তথা এক অনন্য প্রতিবাদী কণ্ঠ সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ লগতে জনগোষ্ঠীটোৰ ভাতৃ-ভগ্নী সংগঠনসমূহে জন্মলগ্নৰে পৰাই অসমৰ বিভিন্ন কোণত সিঁচৰতি হৈ থকা চুতীয়া ৰাইজৰ সহযোগত প্রাপ্য অধিকাৰ বিচাৰি গণতান্ত্রিকভাৱে দীর্ঘদিন ধৰি আন্দোলন অব্যাহত ৰখাৰ পিছতো সমস্যাসমূহ সমাধান কৰাৰ বিপৰীতে প্ৰতিখন চৰকাৰে চুতীয়াসকলৰ আৱেগ-অনুভূতিক লৈ কেৱল ৰাজনীতি কৰি নিৰ্বাচনী বৈতৰণী পাৰ কৰাহে পৰিলক্ষিত হৈ আহিছে। চুতীয়াসকল প্রতিখন চৰকাৰৰ বাবে অৱহেলাৰ পাত্ৰ আৰু কেৱল ভোটবেংকলৈ পর্যবসিত হৈ পৰিছে।
বর্তমান শাসনত থকা বিজেপি মিত্রজোঁটৰ চৰকাৰে বিগত এঘাৰটা বছৰে চুতীয়াসকলৰ প্ৰতি অৱহেলা সূচক মনোভাৱেৰে দিন পাৰ কৰি পুনৰ মিথ্যা প্রতিশ্রুতিৰে নিৰ্বাচনী বৈতৰণী পাৰ কৰিম বুলি যদি ভাবিছে, তেন্তে তেনে সপোন দিঠক হ’বলৈ দিয়া নহ’ব, সেয়া স্পষ্ট কথা। জনজাতিকৰণ আমাৰ জন্মগত অধিকাৰ। আমাৰ জন্মগত অধিকাৰ যিকোনো মূল্যৰ বিনিমিয়ত আমাক লাগিবই সেই কথা নিশ্চিত। বিগত দিনবোৰত চৰকাৰে কৰা বঞ্চনাৰ ওৰ পেলাই আমাৰ অধিকাৰ আমি আজুৰি আনিবৰ বাবে দল-মত, ভেদা-ভেদ পৰিহাৰ কৰি জনগোষ্ঠীটোৰ বৃহত্তৰ স্বাৰ্থত সকলোৰে একেলগে হাতে-হাত ধৰি চৰকাৰৰ বিৰুদ্ধে জোবদাৰ প্ৰতিবাদ গঢ়ি তোলাৰ সময় সমাগত।
জনজাতিকৰণৰ মৰ্যাদাৰ লগতে স্বাযত্ত শাসিত পৰিষদ গঠন কৰি ভৱিষ্যত প্রজন্মৰ বাবে এক সুৰক্ষিত ভবিষ্যত নির্মাণৰ স্বাৰ্থত এক আপোচবিহীন, নিৰৱচ্ছিন্ন গণসংগ্ৰামৰ অবিহনে চুতীয়া জাতিৰ ভবিষ্যত অন্ধকাৰ সেইয়া জলজল পটপটকে স্পষ্ট হৈ পৰিছে। জাতিটোৰ সংগ্ৰামী সত্তাক প্রলোভিত কৰি ক্ষমতাবিহীন এখন উন্নয়ন পৰিষদ প্রদানেৰে চুতীয়াসকলক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰিব খোজা ৰাজনৈতিক কূট-কৌশলৰ বিৰুদ্ধে মাৰবান্ধি থিয় হোৱাৰ সময় সমাগত।
এটা জাতিৰ বাবে শৌর্য-বীর্য আৰু গৌৰৱোজ্জ্বল অতীত ইতিহাসৰ প্রতীকস্বরূপ পৌৰাণিক-ঐতিহাসিক কীৰ্তিচিহ্নসমূহ। চুতীয়াসকলৰ গৌৰৱময় শিল্প, ভাস্কর্য, প্রত্নতত্বৰ নিদর্শন পৌৰাণিক কীর্তিচিহ্ন, প্রত্নতাত্বিক, পুৰাতাত্বিক সমলসমূহ সংৰক্ষণ আৰু সংবর্ধনৰ বাবে বাৰম্বাৰ দাবী জনাই অহাৰ ফলত তদানীন্তন মুখ্যমন্ত্রী সর্বানন্দ সোনোৱালৰ কার্যকালত বিভাগীয় এজন কেবিনেট মন্ত্রী আৰু পুৰাতত্ব বিভাগে সদৌ অসম চুতীয়া ছাত্র সন্থাৰ সঁজাতি দলৰ সৈতে ক্ষেত্রভিত্তিক পৰিদৰ্শন কৰি কম সময়ৰ ভিতৰত এই ঐতিহাসিক সমলসমূহ সংৰক্ষণ কৰিম বুলি প্রদান কৰা প্রতিশ্রুতি ধোঁৱাচাঙত উঠা পৰিলক্ষিত হ’ল। অৰুণাচল প্রদেশত থকা আমাৰ পৌৰাণিক কীর্তিচিহ্নসমূহ অৰুণাচল চৰকাৰৰ সৈতে আলোচনা কৰি সংৰক্ষণ কৰিব বুলি প্রদান কৰা প্রতিশ্রুতিও নিষ্ফল প্রতিশ্রুতি হৈয়ে ৰ ‘ল।
চুতীয়া জাতিৰ প্রতিনিধিসকলেও বিধানসভাৰ মজিয়াত আমাৰ সসম্যাসমূহৰ ক্ষেত্ৰত সৰৱ ভূমিকা পালন নকৰাটো দুর্ভাগ্যজনক। ২০২৬ চনৰ পূৰ্বে চুতীয়াসকলৰে লগতে অসমৰ খিলঞ্জীয়া ভূমিপুত্র জাতি-জনগোষ্ঠীসমূহৰ স্বাৰ্থ সুৰক্ষাৰ ব্যৱস্থা গ্রহণ নকৰিলে আমাৰ চুতীয়াসকলৰ লগতে অসমৰ জাতীয় জীৱনৰ অস্তিত্বও বিপদাপন্ন হৈ পৰাটো নিশ্চিত হৈ পৰিছে। আজিৰ বিশাল গণ সমাবেশ কাৰ্যসূচীত উপস্থিত থাকে সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাজু চুতীয়া, উপদেষ্টা মধু মাধব শইকীয়া, ক্ষিৰোদ শইকীয়া প্ৰমুখ্যে কেন্দ্ৰীয় তথা জিলাৰ বিষয়ববীয়া।
