17 Cyber criminals arrested in Guwahati:মহানগৰীৰ গড়চুক আৰক্ষীৰ জালত ১৭ কুখ্যাত চাইবাৰ অপৰাধী

garchuk

17 Cyber criminals arrested in Guwahati:

মহানগৰীৰ কেতবোৰ স্থানত দীৰ্ঘদিন ধৰি বাহৰ পাতি বিভিন্ন লোকৰ বেংক একাউণ্ট হেক কৰি লুন্ঠন কৰি গৈছিল লাখে লাখে টকা ৷ অৱশেষত গুৱাহাটী আৰক্ষী জালত পৰিল কুখ্যাত চাইবাৰ অপৰাধী চক্ৰটো ৷

বিশেষ সূত্ৰৰ পমখেদি গড়চুক আৰক্ষী আৰু এছ অ জিৰ যৌথ অভিযানকাৰী দলে বৰাগাঁৱৰ এখন হোটেলত অৰ্তকিতে অভিযান চলাই ১৭ জনকৈ এটিএম হেকাৰক আটক কৰিবলৈ সক্ষম হয় ৷ আটকাধীন চাইবাৰ অপৰাধী কেইজনৰ পৰা উদ্ধাৰ কৰে কে’বাখনো বিভিন্ন বেংকৰ এটিএম কাৰ্ড,ছয় খন বিলাসী বাহন,১০ লাখ টকাৰ তিনিখন চেক ৷

ইতিমধ্যে মহানগৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত হেকাৰ কেইজনক মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷

Exit mobile version