Dispur Police:
পুনৰ নাক কাটিল মহানগৰীৰ আৰক্ষীৰ ৷ আৰক্ষীৰ জিম্মাৰ পৰা পলাল বিচাৰাধীন আচামী ৷ গণেশগুৰিস্থ দিছপুৰ আৰক্ষী জিন্মাৰ পৰা পলাতক আচামীজনৰ নাম ধর্মেন্দ্ৰ ৰাজবংশী ৷ প্ৰৱঞ্চনাৰ গোচৰত দিছপুৰ আৰক্ষীয়ে আটক কৰিছিল অভিযুক্তজনক ৷ কিন্ত আৰক্ষীৰ তথাকথিত সুৰক্ষা ভেদি পলায়ন কৰে অভিযুক্তজন ৷
ADVERTISEMENT
ইতিমধ্যে নিজৰ নাক বচাবলৈ ধর্মেন্দ্ৰ ৰাজবংশীক বিচাৰি দিছপুৰ আৰক্ষীয়ে চলাইছে অভিযান ৷ উল্লেখ্য যে, আচামীজনক দিছপুৰ আৰক্ষীয়ে আটক কৰিছিল দেওবাৰে ৷