Proposed multiple amendments to the NEET-UG examination:নীট-ইউজি পৰীক্ষাৰ একাধিক সংশোধনৰ প্ৰস্তাৱ

neet

Proposed multiple amendments to the NEET-UG examination:

নেচনেল টেষ্টিং এজেন্সি (এনটিএ)ৰ সংস্কাৰ বিষয়ক প্রাক্তন ইছৰ’ৰ মুৰব্বী কে ৰাধাকৃষ্ণণৰ নেতৃত্বত গঠিত উচ্চ পৰ্যায়ৰ কমিটীৰ প্ৰস্তাৱ চৰকাৰে গ্ৰহণ কৰিলে, আসন্ন প্ৰৱেশ পৰীক্ষাসমূহত বৃহৎ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে। সবাতোকৈ গুৰুত্বপূৰ্ণ এক প্ৰস্তাৱ হৈছে, নীট-ইউজি পৰীক্ষাত পৰীক্ষার্থীয়ে যি অগণিত সুযোগ লাভ কৰি আহিছে, সেয়া সমাপ্ত হ’ব পাৰে।

জেইই-মেইনৰ আর্হিত নীট-ইউজি পৰীক্ষাৰ ক্ষেত্ৰতো শিক্ষার্থীয়ে সর্বাধিক চাৰিবাৰ এই পৰীক্ষাত অৱতীৰ্ণৰ সুযোগ লাভ কৰিব পাৰে। এই নিয়ম বলবৎ হ’লে নীট-ইউজি পৰীক্ষাত অংশগ্রহণকাৰী শিক্ষাৰ্থীৰ সংখ্যা হ্রাস পোৱাৰ সম্ভাৱনা আছে। বর্তমানে নীট-ইউজি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কোনো বিধি নিষেধ নথকাত একাংশ শিক্ষার্থীয়ে সাত-আঠ বাৰলৈকে এই পৰীক্ষাত অৱতীৰ্ণ হৈ আহিছে। কিন্তু এনটিএৰ সংস্কাৰ সাধনৰ বাবে গঠিত উচ্চস্তৰীয় কমিটীয়ে নীট-ইউজি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰত বিধি নিষেধৰ প্রস্তাৱ দিছে।

Exit mobile version