Tinsukia Bypass Accident:
ৰাজ্যৰ ৰাজপথত মৃত্যুৰ কিৰিলি। দৈনিক ইটোৰ পিছত সিটোকৈ সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনা ৷ আজি পুৱতি নিশা তিনিচুকীয়াৰ বাইপাছত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ডিব্ৰুগড়- তিনিচুকীয়া বাইপাছৰ পানীতোলাৰ এখন নিৰ্মীয়মাণ দলঙত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটি ৷
এখন চাৰিচকীয়া বাহন দ্ৰতগতিত গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পানীতোলাৰ নিৰ্মীয়মাণ দলঙৰ কাষৰ পানী ভৰ্তি এটা খালত পৰে ৷ কে’বাজনো আৰোহী ভৰ্তি বাহন খন পানীত ডুব যোৱাত থিতাতে মৃত্যুক আকোঁৱালি লয় এটি শিশু সহ চাৰিজন লোক৷ আটাইকেইজন আছিল বিহাৰৰ বাসিন্দা ৷
মৃত্যু লোক কেইজনৰ ভিতৰত সাত বছৰীয়া কণমাণি অর্থ গুপ্তা ৷ আন নিহত কেইজন হ’ল মন্টু শ্বাহ মোহন শ্বাহ, ৰাজেশ গুপ্তা ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পানীৰ পৰা গাড়ীখন তোলাৰ ব্যৱস্থা কৰি পিছত মৃতদেহ কেইটা মৰনোত্তৰ পৰীক্ষাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰে ৷
উল্লেখ্য যে ,উদ্থাপিত অভিযোগ অনুসৰি তিনিচুকীয়া বাইপাছৰ পানীতোলাৰ নিৰ্মিয়মান দলং খনত নাছিল কোনো সাংকেতিক চিহ্ন ৷ যাৰবাবে সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনাটি ৷