City of Guwahati has become a criminal haven:
উত্তৰ-পূবৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী ক্ৰমাৎ অপৰাধীৰ ভূস্বগলৈ পৰ্যবেশিত হৈছে ৷ চোৰ-ডকাইতৰ সন্ত্ৰাসত মহানগৰবাসীয়ে চৰম নিৰাপত্তাহীনতাত ভুগি অহাৰ সময়তে গুৱাহাটীত বিগত ৪৬ টা মাহত ১৪,৬১০ টা চুৰিকাণ্ড সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে।
গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তালয়ে সদৰী কৰা তথ্য অনুসৰি, ২০২১ৰ পৰা চলিত বৰ্ষৰ ৩১ অক্টোবৰলৈ আয়ুক্তালয়ৰ অধীনৰ পূৰ্ব গুৱাহাটী আৰক্ষী জিলাত সর্বাধিক ৫,৩৭৫টা চুৰিৰ ঘটনা সংঘটিত হৈছে। ইয়াৰ ভিতৰত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত থকা দিছপুৰো আছে।
একেদৰে এই সময়ছোৱাত পশ্চিম গুৱাহাটী আৰক্ষী জিলাত ২,৬৩৯টা আৰু মধ্য গুৱাহাটী আৰক্ষী জিলাত ৩,৭৯৭টা চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। উল্লেখ্য যে এই ১৪,৬১০টা চুৰিকাণ্ডৰ ভিতৰত ১১,৮১১টা কোনো অনিষ্ট সাধন নকৰাকৈ সংঘটিত কৰা চুৰিকাণ্ড আৰু ২,৭৯৯ টা গৃহত প্রৱেশ কৰি সা-সম্পত্তি অনিষ্ট কৰি সংঘটিত কৰা চুৰিকাণ্ড।
একেদৰে উল্লিখিত তিনি বছৰ ১০ মাহত মহানগৰীৰ তিনিওখন আৰক্ষী জিলাৰ অধীনত ১,৫১০টা ডকাইতিৰ ঘটনা সংঘটিত হৈছে। ইয়াৰে ১,৪৯০টা এজন বা সৰু গ্রুপে সংঘটিত কৰা আৰু ১৮টা পাঁচ জন বা ততোধিক গ্রুপে সংঘটিত কৰা ডকাইতি কাণ্ড।
আনহাতে, আয়ুক্তালয়ে প্রকাশ কৰা তথ্যত উল্লেখ কৰা হৈছে যে মহানগৰীত ২০২১ত ৪,৪৯২টা, ২০২২ত ২,৮৩২টা, ২০২৩ত ২,৭৪৫টা আৰু চলিত বৰ্ষৰ বিগত ১০ মাহত অর্থাৎ অক্টোবৰলৈ ১,৭৪২টা চুৰিকাণ্ড (কোনো অনিষ্টসাধন নকৰাকৈ কৰা চুৰি) সংঘটিত হৈছে। একেদৰে ২০২১ত ১,০৭০টা, ২০২২ত ৫৮৪টা, ২০২৩ত ৭৪০টা আৰু যোৱা ১০ মাহত ৪০৫টা গৃহত প্রৱেশ কৰি চুৰিকাণ্ড সংঘটিত কৰা হৈছে।
চলিত বৰ্ষৰ জানুৱাৰীত ১৭০ টা, ফেব্ৰুৱাৰীত ১৩৭ টা, মার্চত ১৬৪ টা, এপ্রিলত ১৭৩ টা, মে’ত ১৭৫ টা, জুনত ১৭২ টা, জুলাইত ১৮০ টা, আগষ্টত ১৭৮ টা, ছেপ্টেম্বৰত ১৮৭ টা আৰু অক্টোবৰত ২০৬ টা সাধাৰণ চুৰিৰ ঘটনা সংঘটিত হৈছে। একেদৰে গৃহত প্ৰৱেশ কৰি তথা সা-সম্পত্তি অনিষ্ট কৰি কৰা চুৰিকাণ্ড জানুৱাৰীত ৪৯টা, ফেব্ৰুৱাৰীত ৪২ টা, মাৰ্চত ৩০ টা, এপ্রিলত ৪৬ টা, মে’ত ৪৮ টা, জুনত ৪০ টা, জুলাইত ২৬ টা, আগষ্টত ২০ টা, ছেপ্টেম্বৰত ৬০ টা আৰু অক্টোবৰত ৪৪ টা সংঘটিত হৈছে ।