Public Service Broadcasting Day celebration by North East zone of Prasar Bharati at Guwahati:
উত্তৰ-পূৰ্বাঞ্চলৰ আকাশবাণী কেন্দ্ৰসমূহৰ দ্বাৰা গোটেই বছৰজুৰি পৰিচালিত ৰাজহুৱা সেৱা সম্প্ৰচাৰ কাৰ্য্যসূচীৰ বৰ্ণিল পৰিক্ৰমাক উদযাপন কৰিবলৈ উত্তৰ-পূৰ্বাঞ্চলৰ আকাশবাণী কেন্দ্ৰসমূহৰ অনুষ্ঠান শাখাৰ দায়িত্ববাহী বিষয়াসকলৰ এক বিশেষ সভাৰ আয়োজন কৰিছিল প্ৰসাৰ ভাৰতীৰ উত্তৰ-পূব মাণ্ডলিক কাৰ্য্যালয়ে। ৯০ টা ভাষা আৰু উপভাষাত সম্প্ৰচাৰ কৰা, উত্তৰ-পূৰ্বাঞ্চলৰ আকাশবাণী নেটৱৰ্ক কেৱল ভাৰততে নহয়, সম্ভৱতঃ বিশ্বত অনন্য।
জনসাধাৰণৰ প্ৰয়োজন বা দুৰ্যোগৰ সময়ত আকাশবাণী সদায়ে এজন বিশ্বাসযোগ্য বন্ধু আছিল ,আজিও আছে আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিশাল জনসংখ্যা, বিশেষকৈ দূৰৱৰ্তী গ্ৰাম্য অঞ্চলত বাস কৰা লোকৰ সুখ-দুখৰ সকলো সময়তে আকাশবাণী অংশীদাৰ হৈ আহিছে। তেওঁলোকৰ মাতৃভাষাত কথা পাতি আকাশবাণীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন সম্প্ৰদায়ৰ সৈতে এক মহান সম্পৰ্ক অটুট ৰাখিছে আৰু উত্তৰ পূৱৰ একত্ৰিত শক্তি হিচাপে কাম কৰি আহিছে।
আজি গুৱাহাটীৰ মাণ্ডলিক কাৰ্য্যালয়ত অনুষ্ঠিত বিশেষ অনুষ্ঠানটোত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ বিভিন্ন কেন্দ্ৰৰপৰা কুৰি গৰাকী উৎকৃষ্ট ৰাজহুৱা সেৱা সম্প্ৰচাৰকক নিৰ্বাচন কৰি স্বীকৃতি দিয়া হয়। বৈঠকত সভাপতিত্ব কৰে আকাশবাণী আৰু দূৰদৰ্শনৰ উত্তৰ পূৰ্বাঞ্চলৰ অতিৰিক্ত সঞ্চালক প্ৰধান আশীষ ভাটনাগৰে । ভাটনাগৰে উত্তৰ-পূৰ্বাঞ্চলৰ সম্প্ৰচাৰকসকলৰ প্ৰচেষ্টাক প্ৰশংসা কৰে আৰু অধিকসংখ্যক শ্ৰোতাৰ কাষ চাপিবলৈ তেওঁলোকৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ আহ্বান জনায়।
অৱসৰপ্ৰাপ্ত সহকাৰী সঞ্চালক অসীম কুমাৰ কাজীক অনাতাঁৰ সেৱা সম্প্ৰচাৰত তেওঁৰ বৰঙণিৰ বাবে সভাত সম্বৰ্ধনা জনোৱা হয় । প্ৰতি বছৰে ১২ নৱেম্বৰ ৰাষ্ট্ৰীয় ৰাজহুৱা সেৱা সম্প্ৰচাৰ দিৱস হিচাপে পালন কৰা হয় যাতে মহাত্মা গান্ধীৰ আকাশবাণী দিল্লীৰ ষ্টুডিঅ’লৈ প্ৰথম আৰু একমাত্র ভ্ৰমণৰ স্বৰ্ণিল সময়ক উদযাপন কৰা হয়।তেখেত আহিছিল শিবিৰত থকা শৰণাৰ্থীসকলক সম্বোধন কৰি তেখেতসকলৰ দুখ-বেদনাৰ সহমৰ্মিতা প্ৰকাশ কৰি সাহস যোগাবলৈ।
এই দিৱসটো দেশৰ ৰাজহুৱা সেৱা সম্প্ৰচাৰকসকলে সম্প্ৰচাৰৰ দিশত ৰাইজ তথা সমাজৰ প্ৰতি দায়বদ্ধতা সম্পৰ্কে আলোচনা কৰিবলৈ আৰু আটাইতকৈ দৰিদ্ৰ আৰু প্রান্তীয় সম্প্ৰদায়ৰ সেৱাৰ বাবে নিজকে পুনৰ সমৰ্পিত কৰিবলৈ উদযাপন কৰে। আজিৰ পৰিৱেশত অৱশ্যে ইয়াৰ এক বিশেষ গুৰুত্ব আছে যেতিয়া সংবাদ মাধ্যমতো সকলো কথাই বজাৰমুখী হৈছে। আকাশবাণী এই দিশত সদায় পৃথক, অনন্য আৰু জনগণৰ প্ৰতি সমৰ্পিত ।





























