Anuradha Sarma Pujari has withdrawn her name from the presidential panel for the Asomm Sahitya Sabha elections:
অসম সাহিত্য সভাৰ নিৰ্বাচনৰ সভাপতি পেনেলৰ পৰা নাম প্ৰত্যাহাৰ অনুৰাধা শৰ্মা পূজাৰীৰ ৷
সাহিত্য সভাৰ প্ৰধান সম্পাদকলৈ পত্ৰ প্ৰেৰণ পূজাৰীৰ ৷
সভাপতি প্ৰতিদ্বন্দ্বীতাৰ পৰা আঁতৰি থকাৰ ঘোষণা ড: ভীমকান্ত বৰুৱাৰ ৷
নিৰ্বাচনৰ বাবে শুক্ৰবাৰৰ পৰা সভাৰ শাখালৈ বেলট প্ৰেৰণৰ প্ৰস্তুতি ৷
২০ নৱেম্বৰৰ পৰা ৫ ডিচেম্বৰ পৰ্যন্ত অব্যাহত থাকিব ভোটগ্রহণ পৰ্ব ।
৫ ডিচেম্বৰত বন্ধ হ’ব ভোট গ্রহণ পৰ্ব ৷
৫ ডিচেম্বৰতে গুৱাহাটী মেঘদূত ভৱনত স্থাপন কৰা বেলট বাকচ বন্ধ কৰা হ’ব ৷
সভাপতিৰ পেনেলৰ তিনি গৰাকী প্ৰতিদ্বন্দ্বীয়ে নিৰ্বাচনত অৱতীৰ্ণ কৰাৰ লিখিত অনুমতি প্ৰদান কৰিছে ৷
প্ৰতিদ্বন্দ্বীত নামিবলগীয়া সভাপতি পদৰ প্ৰাৰ্থী সকল হ’ল ড:বসন্ত কুমাৰ গোস্বামী, ড:গোবিন্দ প্ৰসাদ শৰ্মা আৰু ড:উপেন ৰাভা হাকাচাম ৷