Traditional Baram Baba Mela has started in Shilkuri:
শিলকুৰিত আজিৰে পৰা তিনিদিনীয়াকৈ আৰম্ভ হৈছে পৰম্পৰাগত বৰাম বাবা মেলা। শিলচৰস্থ ৰামকৃষ্ণ মিছনৰ স্বামী গুণতীতানন্দজী মহাৰাজে বৃহস্পতিবাৰে পুৱা ফিটা কাটি ৮৩ সংখ্যক বৰাম বাবা মেলাৰ উদ্বোধন কৰে ।
এই উপলক্ষে কমিউনিটি হলত এখন সভা অনুষ্ঠিত হয়। সভাত স্বামী গুণতীতানন্দজী মহাৰাজে ধৰ্মীয় দিশৰ ওপৰত এক মনোগ্ৰাহী বক্তব্য প্ৰদান কৰে ৷ সভাত অংশ লৈ বিধায়ক কৌশিক ৰায়ে ভাষণ প্ৰসংগত কয় যে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ঘোষণা অনুসৰি বৰাম বাবা মন্দিৰত জগন্নাথ মন্দিৰ নিৰ্মাণ কৰা হ’ব। ইয়াৰ উপৰিও বিধায়ক গৰাকীয়ে এটা কমিউনিটি হল নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। সভা খনত সাংসদদ্বয় পৰিমল শুক্লবৈদ্য আৰু কৃপানাথ মালাই ভাষণ দিয়ে ৷ সভাখনত সভাপতিত্ব কৰে মন্দিৰ পৰিচালনা সন্থাৰ সভাপতি ডি এন সিঙে আৰু সভা খনৰ আঁত ধৰে প্ৰদীপ কুমাৰ কুৰ্মীয়ে।
আজিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বৰাক চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক ৰাজদ্বীপ গোৱালা, শিলকুৰি চাহ বাগিচাৰ এম ডি এন কে বাগলা, প্ৰাক্তন জিলা পৰিষদৰ সদস্য মানৱ সিং, মণ্ডল বিজেপিৰ সভাপতি প্ৰদীপ দাস সহ গণমান্য ব্যক্তি ৷
উল্লেখ্য যে,আজিৰ পৰা তিনিদিনলৈ চলিব লগা বৰাম বাবা মেলাত ষ্টল স্থাপন কৰিছে বৰাক উপত্যকাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ব্যৱসায়ী সকলে ৷ একেদৰে ইতিমধ্যে মেলা চৌহদত স্থাপন কৰা হৈছে টয় ট্ৰেইন, ব্ৰেক ডান্স আদি ৷
আনহাতে মেলাত অংশ লোৱাৰ বাবে আহিছে সাধু- সন্তসকলো । মেলাখনক কেন্দ্ৰ ভিন্নৰঙী বৈদ্যুতিক লাইটেৰে সজাই তোলা হৈছে মেলা চৌহদ। পুৱা ৪ বজাৰ পৰা নিশা ১০ বজালৈ পূজাৰ বাবে সকলো মন্দিৰ খোলা থাকিব বুলি সদৰি কৰিছে মেলা আয়োজক কমিটিয়ে ৷