Highly educated youth from Guwahati was rescued from a deserted place in Malaysia: মালয়েছিয়াৰ নিৰ্জন স্থানত আবদ্ধ গুৱাহাটীৰ উচ্চ শিক্ষিত যুৱকক উদ্ধাৰ

ধৰ্মৰ প্ৰতি আসক্তিৰ সুযোগ লৈ মানৱ সৰবৰাহকাৰী চক্ৰৰ গভীৰ ষড়যন্ত্ৰ, পিতৃৰ অভিযোগত বৈদেশিক পৰিক্ৰমা মন্ত্রণালয়ৰ সহযোগত আৰক্ষীৰ অপৰাধ শাখাৰ অভিযান

ghyuu

Highly educated youth from Guwahati was rescued from a deserted place in Malaysia:

ধৰ্মৰ প্ৰতি আসক্তিৰ সুযোগ গ্ৰহণ কৰি মানৱ সৰবৰাহৰ চেষ্টা চলোৱাৰ এক অভিযোগ সম্প্রতি উত্থাপিত হৈছে। মহানগৰীৰ বশিষ্ঠৰ পাটৰকুছিৰ সত্যম চৌধুৰী নামৰ এজন যুৱক মালয়েছিয়াৰ কুৱালালামপুৰৰ পৰা কমেও চাৰিশ কিলোমিটাৰ নিলগৰ নাগেশ্বৰমৰ এক নির্জন স্থানত আন দুজন যুৱকৰ স’তে উদ্ধাৰ হোৱা ঘটনাৰ আলমতে আৰক্ষীয়েও মানৱ সৰবৰাহক লৈ এনে সন্দেহ কৰিছে।

উল্লেখ্য যে চেন্নাইত কম্পিউটাৰ ইঞ্জিনিয়াৰিঙৰ শিক্ষা গ্রহণ কৰি চেন্নাইতে টাটা এলেক্সি নামৰ প্ৰতিষ্ঠানটোত কৰ্মৰত অৱস্থাতে সত্যমে সঘনে সমীপৰ এটা কৃষ্ণ মন্দিৰলৈ গৈছিল; কিয়নো সত্যমৰ আগৰ পৰাই ধৰ্মৰ প্ৰতি আকর্ষণ আছিল। ইঞ্জিনিয়াৰিং পাঠ্যক্রম শেষ কৰাৰ পাছত সত্যমে চেন্নাইতে টাটা এলেক্সি নামৰ প্ৰতিষ্ঠানটোত চাকৰি লাভ কৰে। গতিকে তেওঁ সেই মন্দিৰটোলৈ প্রায় নিয়মীয়াকৈ যোৱাৰ সুযোগ পাইছিল। তেতিয়াই কে’বাজনো লোকৰ স’তে তেওঁৰ যোগাযোগ স্থাপন হৈছিল। পৰৱৰ্তী সময়ত সত্যমৰ ধৰ্মৰ প্ৰতি আকৰ্ষণ ইমানেই বাঢ়ে যে পৰিয়ালৰ অজ্ঞাতে তেওঁৰ অতি উচ্চ দৰমহাৰ চাকৰিও বাদ দিয়ে।

তাৰ পৰিৱৰ্তে চেন্নাইৰ উক্ত মন্দিৰটোক কেন্দ্ৰ কৰি ধর্মীয় বিভিন্ন কাম-কাজত ব্যস্ত হৈ পৰে। ইয়াৰ পাছত যোৱা জুনত সত্যমক সেই বিশেষ মানুহবোৰে ছিংগাপুৰলৈ প্ৰেৰণ কৰে; কিন্তু ছিংগাপুৰ বিমানকোঠত প্রয়োজনীয় কিছু তথ্য সঠিকভাৱে দাখিল কৰিব নোৱৰাত তাতেই সত্যম আবদ্ধ হৈ পৰে। উপায়ন্তৰ হৈ সত্যম ভাৰতলৈ উভতিবলৈ বাধ্য হয়।

ছিংগাপুৰৰ পৰা সত্যম বাংগালুৰু হৈ চেন্নাইত উপস্থিত হয়। আৰক্ষী সূত্রই জনায় যে চেন্নাইৰ পৰা সত্যম কেইদিনমান পাছত ভুবনেশ্বৰলৈ আহে। ভুৱনেশ্বৰত তেওঁৰ লগত যোগাযোগ ৰক্ষা কৰি চলা মানুহবোৰৰ এজনে কুৱালালামপুৰলৈ যোৱাৰ ব্যৱস্থা কৰি দিয়ে। তাৰ বাবে সত্যমৰ হাতত টকাও জমা দিয়ে। তদুপৰি ছিংগাপুৰৰ পৰা উভতি অহাৰ পাছত সেই মানুহবোৰৰ এজনে সত্যমৰ পাৰপত্ৰখন নিজৰ লগত ৰাখি থৈছিল। অভিযোগ অনুসৰি, সত্যমক সেই সময়ত বিভিন্ন ধৰণে ভয়-ভাবুকিও দিয়া হৈছিল। তদুপৰি তেওঁৰ ম’বাইল ফোনটোও কাঢ়ি ৰাখিছিল। তাৰ পৰিৱৰ্তে এটা সাধাৰণ ফোন দিছিল, যিটোৰ জৰিয়তে কেৱল বিশেষ মানুহবোৰকহে যোগাযোগ কৰিব পাৰিছিল।

সত্যমৰ পিতৃ সুশীল চৌধুৰীয়ে অভিযোগ কৰে যে সেই মানুহবোৰৰ মাজৰ এজন হ’ল প্রহ্লাদ দাস। সেই প্রহ্লাদ দাসৰ তৎপৰতাতে সত্যমক ভুৱনেশ্বৰৰ পৰা কুৱালালামপুৰলৈ প্ৰেৰণ কৰা হয়। সেই সময়ত সত্যমক বুজোৱা হৈছিল যে তেওঁৰ ভগৱানৰ প্ৰতি যি গভীৰ দুৰ্বলতা মনত আছে, মালয়েছিয়ালৈ গ’লে যথেষ্ট উপকৃত হ’ব। ইতিমধ্যে মন-মগজু সেই আসক্তিত বুৰ গৈ থকা বাবে সত্যমেও মালয়েছিয়ালৈ যোৱাত আপত্তি কৰা নাছিল। আৰু তেতিয়াহে সত্যমক তেওঁৰ পাৰপত্ৰখন ঘূৰাই দিয়ে।

কুৱালালামপুৰৰ পৰা সত্যমক লৈ যোৱা হয় নাগেশ্বৰমৰ নির্জন স্থানলৈ। এনেদৰে সত্যম এটা চক্ৰৰ গ্ৰাসত পৰাত প্রায় তিনি মাহ ঘৰৰ লগত যোগাযোগ শূন্য হৈ পৰে। পৰিয়ালৰ লোকে সত্যমক বিচাৰি শুংসূত্র উলিওৱাত ব্যর্থ হয়। সুশীল চৌধুৰীয়ে আৰক্ষীক এই বিষয়ে অৱগত কৰাত অসম আৰক্ষীৰ অপৰাধ শাখাই বিষয়টোৰ অনুসন্ধান আগবঢ়ায়। শেষত কোনো প্ৰকাৰে ভুৱনেশ্বৰ বিমানকোঠত এক বিশেষ সংযোগৰ তথ্য উদ্ধাৰ হয়। সেই তথ্যৰ ভিত্তিতে আগবাঢ়ি আৰক্ষীয়ে অৱশেষত সত্যমৰ নাগেশ্বৰমৰ ঠিকনা পাবলৈ সক্ষম হয়। এই ক্ষেত্ৰত অসম আৰক্ষীক বিদেশ মন্ত্রণালয়েও সহযোগ কৰে।

Exit mobile version