Islamic couple’s performance captivated thousands of spectators:
বিশ্বনাথ ৰাস মহোৎসৱত এহাল ইছলাম ধৰ্মাৱলম্বী দম্পতী অৱতীৰ্ণ হ’ল নন্দ-যশোদাৰ ভাওত । নন্দৰ চৰিত্ৰত সাংবাদিক আমিৰ খান আৰু তেওঁৰ সহধর্মিণী জোনমণি বেগমৰ দুর্দান্ত অভিনয়ে মনমুগ্ধ কৰি তোলে হেজাৰ হেজাৰ ভক্তপ্ৰাণ ৰাইজক।
যি সময়ত জাতি-ধর্ম-বর্ণক লৈ ৰাজ্যত একাংশ লোকে সমাজত সাম্প্রদায়িক বিষয়বাষ্প বিয়পাবলৈ চেষ্টা কৰিছে। সেই সময়তে বিশ্বনাথৰ ইছলাম ধৰ্মাৱলম্বী এই দম্পতীয়ে বৃহত্তৰ অসমীয়া জাতিৰ সম্প্ৰীতিৰ এনাজৰীডাল মজবুত কৰিবলৈ গ্রহণ কৰা এই পদক্ষেপে বিশেষ তাৎপর্য বহন কৰিছে।
এই ইছলাম ধর্মাবলম্বী দম্পতীয়ে বিগত চাৰি বছৰে উত্তৰ চাৰিআলি ৰাস ভূমিত নন্দ-যশোদাৰ ভাওত অৱতীৰ্ণ হৈ ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল । এই দম্পতীৰ লগতে নন্দ উৎসৱ নাটত বিদুৰ ভাই বোলছবিৰ অভিনেতা উজ্জ্বল ৰাজখোৱা আৰু বলিন বৰায়ো দর্শকক হাঁহিৰ খোৰাক যোগায়।
ইফালে, জনপ্রিয় শিল্পী ৰিছা ভৰদ্বাজে উক্ত নিশা এই ৰাস মহোৎসৱত ৰাধাৰ চৰিত্ৰ ৰূপায়ণ কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয়।