Young Sericulture Scientist Award presented to young scientist Tamal Das:ভাওঁৰাগুৰীৰ যুৱ বৈজ্ঞানিক তমাল দাসলৈ ইয়ং ছেৰিকালচাৰেল ছাইনটিষ্ট এৱাৰ্ড প্ৰদান

award

Young Sericulture Scientist Award presented to young scientist Tamal Das:

কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ ভাওঁৰাগুৰীৰ ২নং বৰুৱাপাৰাৰ বাসিন্দা গোপাল দাস আৰু মাহামায়া দাসৰ পুত্ৰ তথা যুৱ বৈজ্ঞানিক তমাল দাসলৈ ইয়ং ছেৰিকালচাৰেল ছাইনটিষ্ট এৱাৰ্ড প্ৰদান কৰে। ১৭ নবেম্বৰৰ চেন্নাইৰ লি পেলেছ হোটেলত ডঃ বি বসানথাৰাজ ডেবিড ফাউণ্ডেচনৰ উদ্যোগত “নেচনেল কনফাৰেঞ্চ অন এডভাঞ্চ ইন এগ্ৰিকালচাৰ ছাইন্ছ” শীৰ্ষক অনুষ্ঠানত প্ৰদান কৰে এই বটা।

উল্লেখ্য যে উক্ত অনুষ্ঠানত দেশৰ বিভিন্ন ৰাজ্যৰ কেইবাগৰাকী বৈজ্ঞানিকে কেইবাটাও শিতানত বঁটা লাভ কৰাৰ সমান্তৰালভাৱে ভাওঁৰাগুৰীৰ সন্তান যুৱ বৈজ্ঞানিক তমাল দাসে লাভ কৰা বঁটাৰ বাবে উৎফুল্লিত হৈ পৰিছে ভাওঁৰাগুৰীবাসীৰ লগতে সমগ্ৰ গোসাঁইগাওঁ মহকুমাবাসী। যুৱ বৈজ্ঞানিক তমাল দাসৰ হাতত বঁটা তুলি দিয়ে ইণ্ডিয়ান ৰিপুটেড এনটোমোলোজিষ্ট এণ্ড ছাইনটিষ্ট ডঃ বি বসানথাৰাজ ডেবিডে।

অনুষ্ঠানত এনটোমোলোজিকেল ছোটেইটি অফ ইণ্ডিয়াৰ সভাপতি ডঃ ভি ভি ৰামামুৰ্তি,প্ৰিঞ্চিপাল ছাইনটিষ্ট অফ আইছিএআৰ নেচনেল বিউৰো অফ এগ্ৰিকালচাৰেল ইনচেকট ৰিছোৰ্চ বেংগালুৰু ডঃ সুনিল জোশী,প্ৰিঞ্চিপাল ছাইনটিষ্ট অফ আইছিএআৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ ৰাইচ ৰিচাৰ্ছ হাইদ্ৰাবাদ ডঃ এ পি পদ্মকুমাৰি,প্ৰিঞ্চিপাল ছাইনটিষ্ট এণ্ড হেড আইছিএআৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ ছইল এণ্ড ৱাটাৰ কনজাৰভেচন ৰিচাৰ্ছ চেণ্টাৰ তামিলনাডু ডঃ সোমাসুডাৰাম জয়াৰামান,ইনষ্টিটিউট অফ এগ্ৰিকালচাৰেল চাইন্স বানাৰস হিন্দু ইউনিভাৰ্চিটিৰ এনটোমোলোজি এণ্ড জুলজি বিভাগৰ প্ৰছেছৰ ডঃ ৰাম কেভাল উপস্থিত থাকে।

Exit mobile version