62-year-old former JD(U) MLA is married to a 25-year-old woman for the second time:জেডিইউৰ ৬২ বছৰীয়া প্রাক্তন বিধায়কৰ ২৫ বছৰীয়া যুৱতীৰে দ্বিতীয় বিবাহ

bihar

62-year-old former JD(U) MLA is married to a 25-year-old woman for the second time:

বিহাৰৰ সমষ্টিপুৰৰ বিভূতিপুৰৰ প্ৰাক্তন বিধায়ক আৰু জেডিইউৰ প্ৰাক্তন নেতা ৰাম বালক সিং কুশৱাহাই দ্বিতীয় বিবাহ সম্পন্ন কৰাক লৈ সামাজিক মাধ্যমত বিশেষ চর্চা চলিছে।

সংবাদ মাধ্যমত প্রকাশিত এক বাতৰিত দাবী কৰা অনুসৰি, ৬২ বছৰ বয়সীয়া কুশৱাহাই ২৫ বছৰীয়া এগৰাকী যুৱতীক পত্নীবৰণ কৰিলে। বেগুসৰাইৰ এটা মন্দিৰত অলপতে এই বিবাহ সম্পন্ন হৈছিল । প্রাক্তন বিধায়কৰ বিবাহৰ ফটো আৰু ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাত নিজতকৈ বয়সত যথেষ্ট কনিষ্ঠ যুৱতীক কুশৱাহাই পত্নীবৰণ কৰাক লৈ বহু লোকে তীব্র কটাক্ষ কৰিছে।

সোমবাৰে নিশা কুশৱাহাই খগড়িয়া জিলাৰ অলৌলী গাঁৱৰ বাসিন্দা সীতাৰাম সিঙৰ কন্যা ৰবিনা কুমাৰীক আনুষ্ঠানিকভাৱে বিয়া কৰালে। এই বিবাহত যথেষ্টসংখ্যক লোক অংশ লৈছিল । স্থানীয় মন্দিৰত পৰম্পৰা আৰু আইনী বিধি অনুসৰি প্ৰাক্তন বিধায়কজনে বিবাহ সম্পন্ন কৰে।

একাংশ লোকে সামাজিক মাধ্যমত কয় যে প্রাক্তন বিধায়কজনে বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দ্বিতীয় বিবাহ কৰালে। কুশৱাহাই বিভূতিপুৰ সমষ্টিত তেওঁৰ দ্বিতীয় পত্নী ৰবিনাক প্রার্থী হিচাপে প্ৰক্ষেপ কৰাৰ সম্ভাৱনা আছে। পূর্বে কুশৱাহাই আপত্তিজনক ভিডিঅ’ৰ এক গোচৰত আইনী সমস্যাৰ সন্মুখীন হৈছিল । প্ৰাক্তন বিধায়কজনৰ প্ৰথমা পত্নীৰ দুবছৰ পূৰ্বে মৃত্যু হৈছিল। কুশৱাহাই ২০১০ আৰু ২০১৫ত জেডিইউৰ টিকটত বিধায়ক নির্বাচিত হৈছিল।

Exit mobile version