CM visits the Assam Moment Martyrs Memorial Park under construction in Baragaon:
মহানগৰীৰ পশ্চিম বৰাগাঁৱত নিৰ্মীয়মাণ জাতীয় শ্বহীদ স্মাৰক উদ্যান ক্ষেত্ৰস্থলীত বুধবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মা ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰকল্পস্থলী পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয়। পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীক সংগ দিয়ে অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰা আৰু জ্যেষ্ঠ আমোলাই ৷
আজি প্ৰকল্পস্থলী পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে সাংবাদিকক সদৰি কৰে যে প্ৰকল্পটোৰ প্ৰায় ৯০ শতাংশ কাম সম্পূৰ্ণ হৈছে। প্ৰথম পৰ্যায়ত ১০০ কোটি টকা ব্যয় সাপেক্ষে এই প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য ৰখা হৈছে। পৰৱৰ্তী পৰ্যায়ত এই প্ৰকল্পস্থলীত লাইট এণ্ড ছাউণ্ড শ্ব’ আৰু এটা প্ৰেক্ষাগৃহ সংযোজনৰ ব্যৱস্থা কৰা হ’ব।
এই শ্বহীদ স্মাৰকত অসম আন্দোলনৰ ৮৫৫ গৰাকী জাতীয় শ্বহীদৰ প্ৰতিমূৰ্তি থকাৰ লগতে বিভিন্ন সুবিধা উপলব্ধ থাকিব ৷ এই পৰ্যন্ত ১৫৫ গৰাকী শ্বহীদৰ ফটো আমাৰ হাতত পৰিছেহি ৷ আন আন ছহিদ সকলৰ ফটো সমূহ অহাত বিলম্ব হোৱাৰ বাবে প্ৰকল্প কাম সম্পূৰ্ণ হৈ উঠাত কিছু দেৰি হৈছে ৷ তৎস্বত্বেও সকলো ঠিকে থাকিলে ডিচেম্বৰৰ ভিতৰত মুকলি কৰা হ’ব প্ৰকল্পটি ৷
উল্লেখ্য যে,অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ মহান শ্বহীদসকলৰ স্মৃতিত বৰাগাঁৱৰ প্ৰায় ৯০ বিঘা ভূমিত ৰাজ্য চৰকাৰে এশ কোটি টকা ব্যয়সাপেক্ষ নিৰ্মাণ কৰিছে শ্বহীদ স্মাৰক উদ্যান ৷