Commissioner of Police and the Commissioner of Excise met the bar authorities:
নিশা হ’লেও গুৱাহাটী মহানগৰীৰ অধিকাংশ বাৰত একাংশ যুৱক-যুৱতীয়ে প্ৰৱেশ কৰি অত্যাধিক সুৰাপান কৰি ৰাজপথত উদ্ভণ্ডালি কৰাটো নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছে ৷ একেদৰে সুৰামত্ত হৈ ৰাজপথত গাড়ী চলাই ইতিমধ্যে সংঘটিত হৈছে বহু অনাকাংক্ষিত ঘটনা ৷
এনেবোৰ ঘটনা পৰিঘটনাৰ মাজতে বুধবাৰে গুৱাহাটীৰ বাৰ কৰ্তৃপক্ষৰ সৈতে বৈঠকত মিলিত হয় গুৱাহাটী জিলা আয়ুক্ত আৰু আবকাৰী বিভাগৰ আয়ুক্ত।
মহানগৰীৰ বাৰ কৰ্তৃপক্ষক সকিয়নী আৰক্ষী আয়ুক্ত আৰু আবকাৰী আয়ুক্তৰ ৷ মহানগৰীৰ বহু বাৰে চিচিটিভি কেমেৰাৰ ব্যৱহাৰ নকৰাৰ সন্দৰ্ভত আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কয়, এতিয়াৰ পৰা চিচিটিভি ফুটেজ বাধ্যতামূলকভাৱে ৰাখিবলৈ আহ্বান জনায় বাৰ সমূহক ৷ এমাহৰ ভিতৰত প্ৰতিখন বাৰত থাকিব লাগিব চিচিটিভি কেমেৰা ৷
আনহাতে বৈঠকত উপস্থিত থকা আবকাৰী বিভাগৰ আয়ুক্ত জিতু দলেই বাৰ কৰ্তৃপক্ষক অতিৰিক্তভাৱে ড্ৰাইভাৰ ৰাখিবলৈ আহ্বান জনাই কয়, অত্যাধিক সুৰা পান কৰাৰ পিছত সুৰাসক্ত ব্যক্তিক ঘৰত থৈ অহাৰ ব্যৱস্থা কৰিব লাগিব বাৰ কৰ্তৃপক্ষই ৷