India has recorded 5 Lakh passengers in a single day:
যোৱা দেওবাৰে ভাৰতত এদিনতে ৫,০৫,৪১২ জন ঘৰুৱা বিমান যাত্রীয়ে বিমান ভ্রমণ কৰি এক অভিলেখ ৰচিলে। প্ৰথমবাৰলৈ ভাৰতত এদিনতে বিমানৰে ভ্ৰমণ কৰা যাত্ৰীৰ সংখ্যা পাঁচ লাখৰ অধিক হ’ল। বিমান যাত্ৰীৰ এই অভিলেখ সংখ্যক বৃদ্ধিয়ে দেশৰ বিমান উদ্যোগৰ দ্রুত বিকাশ প্ৰমাণ কৰিলে।
ADVERTISEMENT
অসামৰিক বিমান পৰিবহণ মন্ত্রণালয়ে এই তথ্য সদৰী কৰি এক প’ষ্টত ‘এক্স’ত লিখিলে, ‘এদিনতে দেশত বিমানৰে ভ্ৰমণ কৰিলে ৫,০৫,৪১২ জন যাত্রীয়ে। ভাৰতে বিমান ক্ষেত্রত পূর্বতকৈ অধিক দ্রুতগতিৰে অগ্ৰসৰ হৈছে। স্বপ্ন আৰু গন্তব্যক একেলগে সংযোজিত কৰিছে।’ ভাৰতত ঘৰুৱা বিমান যাত্ৰীৰ সংখ্যা দ্রুত বৃদ্ধি পাইছে আৰু ১৭ নৱেম্বৰত দেশত প্রথমবাৰলৈ এদিনতে ঘৰুৱা বিমানযাত্ৰীৰ সংখ্যা পাঁচ লাখৰ অধিক হ’ল।