CM inaugurated the cafeteria, control room and digital corridor in Assam Assembly:অসম বিধানসভাৰ আন্তঃগাঁথনিত নতুন সংযোজন

কেফেটেৰিয়া, নিয়ন্ত্রণ কক্ষ, ডিজিটেল ক'ৰিডৰ মুকলি মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শর্মাৰ

aslmain 1

CM inaugurated the cafeteria, control room and digital corridor in Assam Assembly:

বৃহস্পতিবাৰে অসম বিধানসভাৰ আন্ত:গাঁথনিত সংযোজন হ’ল কেফেটেৰিয়া, নিয়ন্ত্রণ কক্ষ, ডিজিটেল ক’ৰিডৰ ৷ বিধানসভা চৌহদত এই সমূহ আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শর্মাই

একেদৰে মুখ্যমন্ত্ৰী গৰাকীয়ে অসম বিধান সভা চৌহদৰ প্ৰৱেশদ্বাৰত এটি বালীয়া পাথৰৰ একক স্তম্ভ উদ্বোধন কৰে ৷ উল্লেখ্য যে,ঐতিহাসিক কছাৰী ৰাজ্যৰ চহকী স্থাপত্য কলাৰ অন্যতম অনুপম নিদর্শন হৈছে শৈল ভাস্কর্য (একশিলা) প্ৰতীক। ই থলুৱা সম্প্রদায়ৰ প্ৰাচীন ঐতিহ্যৰ প্ৰমাণ আৰু যুগ যুগ ধৰি সময়ৰ পৰীক্ষাত বর্তি হৈ স্বকীয়তা বহন কৰি আহিছে।

এই উপলক্ষে আয়োজিত অনুষ্ঠানতে পৰিবেশিত হয় বিভিন্ন জনগোষ্ঠীয় বৰ্নাঢ্য সাংস্কৃতিক অনুষ্ঠান ৷ উপস্থিত থাকে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী,উপাধ্যক্ষ ডা:নোমল মমিন,সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকা ,মন্ত্ৰী ডা:ৰণোজ পেগু,যোগেন মহন,সঞ্জয় কিষান,ইউ জি ব্ৰক্ষ্ম সহ কে’বা গৰাকী বিধায়ক ৷

Exit mobile version