Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Guwahati damage Road:বিধ্বস্ত ৰাস্তাই বিপদ মাতিছে গুৱাহাটীলৈ

প্ৰতিটো পথ,উপ- পথত বৃহৎ গাঁত, খোজে পতি দুৰ্ঘটনাৰ শংকা, আসন্ন শাৰদীয় দুর্গোৎসৱৰ সময়তো মেৰামতিৰ উম-ঘাম নাই চৰকাৰৰ, দায়িত্ববাহী বিভাগসমূহৰ দায়িত্বজ্ঞানহীনতাত জীয়াতু ভুগিছে ৰাইজে , আন্তঃগাঁথনিৰ শোচনীয় ৰূপ

publisher by publisher
September 10, 2024
in Uncategorized
Reading Time: 4 mins read
0
Guwahati damage Road:বিধ্বস্ত ৰাস্তাই বিপদ মাতিছে গুৱাহাটীলৈ
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Illegal Parking Tax:পার্কিঙক লৈ মহানগৰীৰ পাণবজাৰত নিশা উত্তপ্ত পৰিস্থিতি

Artificial Flood:মহানগৰীত এজাক বৰষুণত কৃত্রিম বান ৪৮ ঘণ্টাত কমেও চাৰিজনৰ মৃত্যু

Artificial Flood in Guwahati:দেওবাৰে নিশা মুষলধাৰ বৰষুণৰ পিছতে গুৱাহাটী মহানগৰীত হাহাকাৰ পৰিস্থিতি

Guwahati damage Road:

উত্তৰ- পূৰ্বৰ দুৱাৰমুখ তথা কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ দ্বাৰা অভিহিত অষ্টলক্ষ্মীৰ অন্যতম গুৱাহাটী মহানগৰীৰ বাট- পথৰ দুর্দশাগ্রস্ত ৰূপে ইয়াক বিপজ্জনকহে কৰি তুলিছে। গুৱাহাটী উন্নয়নৰ দায়িত্বত থকা লোকনির্মাণ আৰু গুৱাহাটী উন্নয়ন জলব’র্ডৰ্, পূর্ব ভাৰতী গেছ প্রাইভেট লিমিটেড আদিৰ দায়িত্বজ্ঞানহীনতাৰ বাবে মহানগৰীৰ বাট-পথবোৰ মৰণফান্দত পৰিণত হৈছে।

ADVERTISEMENT

ইতিমধ্যে মহানগৰীত সৃষ্টি হোৱা বৃহৎ বৃহৎ গতিৰ বাবে নাগৰিকৰ অকাল মৃত্যুৰ ঘটনা সংঘটিত হোৱাৰ পাছতো গা লৰা নাই চৰকাৰৰ। বিশেষকৈ বাৰিষাৰ এই দিনবোৰত মহানগৰীৰ বাট-পথৰ আন্ত:গাঁথনিৰ অতি শোচনীয় স্বৰূপ উন্মোচিত হৈছে । মটৰ চাইকেলকে ধৰি দুচকীয়া,তিনিচুকীয়া,চাৰিচকীয়া বাহনেও ওখোৰা-মোখোৰা, সৰু-বৰ গাঁতযুক্ত পথেৰে আগবাঢ়োতে থৰকাছুটি হেৰুৱাইছে।

কেতিয়া গাঁতত পৰি থেকেচা খাবলগীয়া হয় বা দুচকীয়া বাহনে ভাৰসাম্য ৰক্ষা কৰিব নোৱৰা হয়, তাৰ কোনো নিশ্চয়তা নাই। বিশেষকৈ নিশাৰ ভাগত স্ট্রীট লাইটৰ অভাৱত অন্ধকাৰ হৈ থকা অধিকাংশ মূল পথ আৰু উপ-পথত দুচকীয়া বা চাৰিচকীয়া বাহন চলাই যোৱাটো বিপদসংকুল হৈ পৰিছে। অথচ এইবোৰ দেখিও চকু মুদা কুলিৰ ভাও জুৰি আছে বিভাগসমূহে।

#বিভাগৰ দায়িত্বজ্ঞানহীনতা

অভিযোগ অনুসৰি, বাট-পথৰ বাবে বর্ধিত কৰ-কাটল অদায় দিয়া মহানগৰবাসীৰ জীৱন অনুকূল কৰি তোলাৰ ক্ষেত্ৰত সামান্য দায়িত্ব পালন দূৰৰে কথা, শেহতীয়া বানৰ সময়ত বিভিন্ন অঞ্চলত ৰাইজৰ হেঁচাত পৰি গুৱাহাটী পৌৰ নিগম (জিএমচি)-এ নলা-নর্দমা চাফা কৰাৰ সময়ত উদ্ধাৰ কৰিছে বিশেষকৈ পি ডব্লিউ ডিয়ে নির্মাণ কার্য চলাই নলাত পেলাই থৈ যোৱা বৃহৎ বৃহৎ আৱৰ্জনা, অৱশিষ্ট চিমেন্ট-বালি আদিৰ টোগোলা। মহানগৰীৰ ৰুক্মিণীগাঁও, হাতীগাঁও, সিজুবাৰী আদিকে ধৰি বিভিন্ন অঞ্চলত এনে ধৰণে নিৰ্মাণ কাৰ্যৰ অৱশিষ্ট নলাত পেলোৱাৰ বাবে কৃত্রিম বানৰ দুৰ্যোগ আদি বৃদ্ধি হোৱা বুলি জিএমচি সুত্রত প্রকাশ।

সংশ্লিষ্ট অঞ্চলৰ ৰাইজেও এই অভিযোগ কৰিছে। বৰষুণৰ লগতে মেৰামতিৰ শোচনীয় অৱস্থাৰ বাবে গাঁতযুক্ত পথসমূহৰ দুৰৱস্থা বহুগুণে বৃদ্ধি পাইছে। এনে কিছুমান বাট-পথ আছে, য’ত গৰ্ভৱতী মহিলাকে ধৰি গুৰুতৰ অৱস্থাৰ ৰোগী অহা-যোৱা কৰাটোৱেই গভীৰ প্ৰত্যাহ্বানৰ বিষয় হৈ পৰে। মহানগৰীৰ অভিজাত জিএছ ৰোডৰ অৱস্থাও তথৈবচ। হাতীগাঁও, পল্টন বজাৰ, লাচিত নগৰ, উলুবাৰী চাৰিআলিকে ধৰি বৃহত্তৰ অঞ্চলত এতিয়া পথৰ মাজত ঠায়ে ঠায়ে মেৰামতিৰ অভাৱত সৰু-বৰ গাঁত সেইবোৰ পথৰে চলাচল কৰা প্ৰতিজন নাগৰিকে প্ৰত্যক্ষ কৰিছে। তদুপৰি, পানীৰ পাইপ, গেছৰ পাইপ আদি বহুওৱাৰ নামত খান্দি পেলোৱা পথৰ গাঁতবোৰ পৰৱৰ্তী সময়ত কিয় মেৰামতি কৰা নহয়, সেয়া এক বৃহৎ প্রশ্ন। মাহৰ পাছত মাহ ধৰি একে অৱস্থাতে থাকে। পথৰ এই দুর্দশাৰ বাবে দৈনন্দিন সৰু-বৰ দুৰ্ঘটনা সংঘটিত হ’বলৈ ধৰিছে।

#উৎসৱৰ বতৰতো গা লৰা নাই

মনকৰিবলগীয়া যে সম্মুখত দুর্গা পূজা। এই সময়ছোৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজধানী মহানগৰীও লোকে লোকাৰণ্য হৈ পৰে। দেৱী দুর্গাক দৰ্শন কৰাৰ উদ্দেশ্যে তথা পুজাৰ আনন্দ উপভোগ কৰিবলৈ প্ৰতিজন লোকে পৰিয়লসহ ওলাই আহে। কিন্তু আগন্তুক দুর্গা পূজাৰ প্ৰাকক্ষণত মহানগৰীৰ বিধ্বস্ত বাট-পথসমূহে এইবাৰ সকলোকে চিন্তিত কৰি তুলিছে। শেহতীয়াকৈ নির্মিত হোৱা ছয়শাৰীযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ বাদে সম্প্রতি মহানগৰীৰ পথ, উপ- পথত সৃষ্টি হোৱা প্রকাণ্ড প্রকাণ্ড গাঁতসমুহে সকলোকে চিন্তিত কৰি তুলিছে। কিয়নো এই বিধ্বস্ত বাট-পথসমূহত যিকোনো মুহূৰ্ততে ভয়ংকৰ দুর্ঘটনা সংঘটিত হোৱাৰ আশংকাই দেখাই দিছে। একপ্ৰকাৰ আজিৰ দিনটোত এই বিধ্বস্ত বাট-পথসমূহে স্মার্ট গুৱাহাটীৰ উন্নয়নৰ ফোঁপোলা স্বৰূপহে যেন দাঙি ধৰিছে।

উল্লেখ্য যে দুর্গা পূজাৰ সময়ত সম্ভাব্য ভিৰৰ প্ৰতি লক্ষ্য ৰাখি তথা এই সময়ছোৱাত দুর্ঘটনা ৰোধ কৰিবলৈ সংশ্লিষ্ট জিলা প্রশাসন তথা আৰক্ষীয়ে বিভিন্ন পদক্ষেপ গ্রহণ কৰা দেখিবলৈ পোৱা যায় যদিও এইবাৰৰ পৰিৱেশ কিছু সুকীয়া। বিশেষকৈ মহানগৰীত দুর্গা পূজাৰ প্ৰাকক্ষণত বিভিন্ন পথ, উপ-পথসমূহ সংশ্লিষ্ট বিভাগে মেৰামতি কৰা দেখিবলৈ পোৱা যায় যদিও এইবাৰ তেনে কোনো কর্মসূচী সাধাৰণ জনতাৰ চকুত পৰা নাই। কেৱল বাট-পথসমূহেই নহয়, ইয়াৰ কাষে কাষে থকা পদপদসমূহ, ৰাজপথৰ মাজত থকা লোহাৰ ৰেলিংসমূহত বৃহৎ বৃহৎ ফাট মেলি মৰণফান্দলৈ পর্যবসিত হৈছে যদিও এই ক্ষেত্রত আজিলৈকে গা লৰা নাই সংশ্লিষ্ট বিভাগসমূহৰ।

ফলত যিকোনো মুহূর্তত তথা কিছু অসাৱধান হ’লেই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাই প্রতিজন নাগৰিকক শংকিত কৰি তুলিছে ৷ ৰাজধানী দিছপুৰ আৰু ইয়াৰ গাতে লাগি থকা গণেশগুৰি, লাষ্টগেট, হাতীগাঁও আদি অঞ্চলৰ গথ-উপ-পথসমূহৰ অৱস্থা অতি পুতৌজনক। এই বিধ্বস্ত পথত মৰণক শৰণ দি নাগৰিকে উপায়হীন হৈ যাতায়াত কৰিবলগীয়া হৈছে।

কাহিলিপাৰা পথ, ছয় মাইলৰ ভিআইপি পথ, হেঙেৰাবাৰী পথ, জিএছ ৰোড, বেলতলা ছার্ভেকে ধৰি বহুকেইটা মূল পথত আজি প্রকাণ্ড প্রকাণ্ড গাঁতৰ সৃষ্টি হৈছে। মহানগৰীত এনে পৰিৱেশ পূৰ্বতে কেতিয়াও দেখিবলৈ পোৱা হোৱা নাছিল বুলি ক্ষোভ প্রকাশ কৰি জ্যেষ্ঠ নাগৰিক তথা গুৱাহাটী উন্নয়ন সমিতিৰ সম্পাদক বীৰেন শৰ্মাই কয়, ‘দেশে স্বাধীনতাৰ অমৃত কাল উদযাপন কৰি থকা তথা এই বিশ্বায়নৰ দিনতো আজি এশ-এবুৰি সমস্যাৰে ভাৰক্রান্ত গুৱাহাটীবাসী।

বিভিন্ন অপৰাধীৰ বাবে আজি যুৱতী-মহিলাৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠ নাগৰিকসকল ঘৰৰ পৰা ওলাই যাব নোৱৰাৰ এক পৰিৱেশৰ সৃষ্টি হৈছে। একপ্ৰকাৰ বন্দিত্বৰ জীৱন কটাবলগীয়া হৈছে। কেতিয়াবা ওলাই গ’লেও প্রতিটো মুহূৰ্ততে জীৱনৰ প্ৰতি চৰম শংকাত ভূগিবলগীয়া হয়। পুৱা-সন্ধিয়া দুখোজ কাঢ়িবলৈ বা বজাৰলৈ ওলাই যাওঁতেও পদে পদে চিন্তা। অলপ চকু আঁতৰ কৰিলেই হয় উন্মুক্ত পদপথত ভৰি সোমাব নাইবা চিলনী চোৰে কিবা থপিয়াই নিব। এনে এক পৰিৱেশত দিন কটাবলগীয়া হৈছে নাগৰিকসকল।’

সমান্তৰালভাবে কৃত্রিম বান, খোৱাপানীৰ নাটনি, জাবৰ নিষ্কাসনৰ সমস্যা, মূল্য বৃদ্ধি আদি সমস্যাই মহনগৰবাসীক জলা-কলা খুৱাই অহাৰ মাজতে বিধ্বস্ত বাট-পথসমূহে মহানগৰবাসীক যমৰ যাতনা দি আহিছে বুলি শর্মাই মন্তব্য কৰি এনে পৰিৱেশ পূর্বতে গুৱাহাটীত দেখিবলৈ পোৱ নগৈছিল বুলি কয়। তেওঁ কয়, ‘লক্ষ্য কৰিছো যে যোৱা কিছু বছৰ ধৰি চৰকাৰে কেৱল উন্নয়নৰ কথা কৈ আহিছে। শাসকীয় দলটোৰো বহুতে বাট-পথ উন্নয়নৰ কথা কৈ আহিছে। জালুকবাৰীৰ পৰা খানপাৰালৈ ছয়শাৰীযুক্তকৈ ৰাষ্ট্ৰীয় পথটো নিৰ্মাণ কৰা হৈছে; কিন্তু মূল গুৱাহাটীৰ বিধ্বস্ত বাট-পথৰ কাৰণে আজি মানুহে শংকাত যাতায়াত কৰিবলগীয়া হৈছে। ক’ব খোজা হয় যে কৃত্রিম বানপানীৰ বাবে বাট-পথসমূহ বিধ্বস্ত হৈ পৰিছে; কিন্তু ইয়াতে প্রশ্ন আহে যে বিধ্বস্ত হোৱা বাট-পথসমূহৰ নিৰ্মাণ কাৰ্য কিমান উন্নত আছিল।

এজাক বৰষুণতে বাট-পথ বেয়া হ’ব নোৱাৰে। এতিয়া মূলতঃ ৰাষ্ট্ৰীয় ঘাইপথৰ বাহিৰে মহানগৰীত ভাল পথ পাবলৈ নাই। আজি খানাপাৰাৰ পৰা বশিষ্ঠ চাৰিআলিলৈ তলৰে আহিব নোৱাৰে। বোকা-পানী তথা একপ্ৰকাৰ নদী সদৃশ পৰিৱেশ। এনেকুৱাকৈ গাঁতৰ সৃষ্টি হৈছে যে দুই-তিনিচুকীয়া বাহনতো বাদেই ডাঙৰ বাহনৰো দুর্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনাই দেখা দিছে। সম্মুখত পুজা, যি ভিৰ-ভাৰ হয়; এনে বিধ্বস্ত পথে সকলোকে চিন্তিত কৰি তুলিছে। এনে হৈছে যে চৰকাৰৰ যেন কোনো দায়িত্ব নাই। এইসমূহ চৰকাৰৰ দৃষ্ট নিক্ষেপো কৰা হৈছে; কিন্তু ভ্রূক্ষেপ নাই, গুৰুত্ব দিয়া নাই। স্বয়ং মুখ্যমন্ত্রী লোকনিৰ্মাণ বিভাগৰ মুৰব্বী।

তেওঁ প্রতি মুহূৰ্ততে উন্নয়নৰ কথা কয়; কিন্তু কথা ক’লেই নহ’ব ৰাইজৰ সমস্যাটো সমাধান হ’ব লাগিব।’ উল্লেখ্য যে আজিৰ দিনত লাষ্টগেটৰ পৰা বেলতলাৰ পথৰে অহা- যোৱা কৰা লোকসকলে তীব্র যানজঁটৰ সম্মুখীন হৈছে আৰু উৎকট গেলা গোন্ধ লৈ লোকসকল পাৰ হ’বলগীয়া হৈছে বুলি গুৱাহাটী উন্নয়ন সমিতিৰ সম্পাদকজনে মন্তব্য কৰি চলিত মাহতে বাট-পথসমূহ মেৰামতি কৰিবলৈ চৰকাৰক দাবী জনায়। লগতে তেওঁ আগন্তুক পূজাৰ আগতে বাট-পথসমূহ মেৰামতি নকৰিলে, উন্মুক্ত পদপথ বন্ধ নকৰিলে ভয়াৱহ দুর্ঘটনা সংঘটিত হোৱাৰ শংকা ব্যক্ত কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: APWDCMO ASSAMGMCGuwahati Destroyed Roads
publisher

publisher

Related Posts

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন
Uncategorized

গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন

September 20, 2026
ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া
Uncategorized

ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া

September 20, 2026
Nagaon EVM Training নগাঁৱত প্ৰিজাইডিং বিষয়াৰ বিশেষ ইভিএম প্ৰশিক্ষণত জিলা আয়ুক্ত
Uncategorized

Nagaon EVM Training নগাঁৱত প্ৰিজাইডিং বিষয়াৰ বিশেষ ইভিএম প্ৰশিক্ষণত জিলা আয়ুক্ত

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d