Police cut the Chailan of Nitish Kumar’s car again:
পাটনা সহ বিহাৰৰ সকলো জিলাত সাধাৰণ লোকে প্রতিদিনে যানবাহন আইন উলংঘন কৰি আহিছে। এই বিষয়ত যানবাহন আৰক্ষীয়ে জৰিমনাও কৰি আহিছে। এইবাৰ বিহাৰৰ আৰক্ষীয়ে এজন বিশেষ ব্যক্তিৰ নামত যানবাহন আইন উলংঘনৰ অভিযোগত চালান কটাক লৈ চর্চা চলিছে।
উক্ত ব্যক্তিজন হৈছে বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰ। নীতিশৰ গাড়ীয়ে প্ৰদূষণ আইন অমান্য কৰাৰ কাৰণত যানবাহন আৰক্ষীয়ে উক্ত বাহনৰ নামত চালান কাটিলে। দৰাচলতে মঙলবাৰে মুখ্যমন্ত্রীজনে ৰোহটাছলৈ গৈছিল আৰু সেই সময়ত নীতিশৰ বিআৰ-০১ চিএল ০০৭৭ নম্বৰৰ গাড়ীখনৰ প্ৰদূষণ প্ৰমাণ পত্ৰৰ ম্যাদ পৰীক্ষা কৰাত ব্যর্থ হৈছিল।
প্ৰদূষণ প্রমাণপত্র নবীকৰণ নকৰাত আৰক্ষীয়ে নীতিশৰ উক্ত বাহনৰ নামত জৰিমনাৰ চালান কাটিলে। অৱশ্যে সেই সময়ত উক্ত বাহনত নীতিশ নাছিল। তেওঁ আন এখন গাড়ীৰে যাত্ৰা কৰিছিল।
উল্লেখ্য যে যোৱা ২৩ জানুৱাৰীতো নীতিশৰ গাড়ীত ছিটবেল্ট ব্যৱহাৰ নকৰাৰ কাৰণত আৰক্ষীয়ে জৰিমনাৰ চালান কাটিছিল। কিন্তু এই জৰিমনা বর্তমানলৈকে আদায় দিয়া নাই বিহাৰৰ মুখ্যমন্ত্রীয়ে। নীতিশে আইনভংগ কৰি জৰিমনাৰ ধন আদায় নিদিয়াৰ কাৰণত তীব্র প্রতিক্রিয়া প্রকাশ কৰি আৰজেডিয়ে কয় যে বিহাৰত নিয়ম কেৱল সাধাৰণ জনতাৰ ক্ষেত্ৰতহে প্রযোজ্য হয়।