Minister Bimal Bora at the Assam Pavilion of the International Trade Fair:
ৰাজ্যৰ উদ্যোগ,বাণিজ্য আৰু ৰাজহূৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত যোৱা ১৪ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা ভাৰত আন্ত:ৰাষ্ট্ৰীয় বাণিজ্য মেলা(আই আই টিএফ)ৰ অসম পেভিলিয়ন পৰিদৰ্শন কৰে।
ইণ্ডিয়ান ট্ৰেড প্ৰমোচন অৰ্গেনাইজেচনে আয়োজন কৰা আৰু অহা ২৭ নবেম্বৰলৈ চলিব লগা এই বাণিজ্য মেলাত অসমৰ বিপণি সমূহে ৰাজ্য চৰকাৰৰ উদ্যোগ বিভাগৰ আয়ুক্তৰ কাৰ্যালয়ৰ অধীনত অংশগ্রহণ কৰিছে। উদ্যোগ মন্ত্ৰী বড়াই অসম পেভিলিয়নৰ বিপণি সমূহ পৰিদৰ্শন কৰি অংশগ্রহণকাৰী বিপণি সমূহৰ পণ্যসমূহৰ প্ৰতি দৰ্শকৰ সহাৰি সন্দৰ্ভত অৱগত হয় আৰু প্ৰতিষ্ঠান সমূহৰ প্ৰতিনিধি সকলৰে মত বিনিময় কৰে।
অসমৰ ৩৭টা ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ চমুকৈ এম এছ এম ইয়ে অংশগ্ৰহণ কৰাৰ লগতে পাচটাকৈ চৰকাৰী বিভাগেও অংশ গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত গোলাঘাট জিলাক এক জিলা এক পণ্য হিচাপে প্ৰতিনিধিত্ব কৰি অংশ গ্ৰহণ কৰা এম জে আই পাৰফিউমৰ অগৰ গছ ভিত্তিক সুগন্ধি আৰু হস্ত শিল্পৰ সামগ্ৰী য়ে দৰ্শকৰ বিশেষ সহাৰি লাভ কৰা পৰিলক্ষিত হৈছে।
উল্লেখযোগ্য যে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগে ভাৰত মণ্ডপমৰ মুকলি মঞ্চত আজিৰ দিনটো অসম দিৱস হিচাপে উদযাপন কৰে।সন্ধিয়া ইয়াত অনুষ্ঠিত সাংস্কৃতিক কাৰ্যসূচীৰ পূর্বে আয়োজিত এক সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি উদ্যোগ মন্ত্ৰী বিমল বড়াই মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে আজি উদ্যোগ আৰু আন্ত:গাথনি ক্ষেত্ৰত এক বিশেষ স্তৰত উপনীত হৈছে বুলি কয়।
মন্ত্রী বড়াই তেওঁৰ ভাষণত ৰাজ্যৰ উদ্যোগ খণ্ডৰ এক শেহতীয়া খতিয়ান ডাঙি ধৰে। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান, ষ্টাৰ্ট আপ অসমৰ পৰা আৰম্ভ কৰি অসম চৰকাৰে শেহতীয়াভাৱে গ্ৰহণ কৰা কাষ্টমাইজড পলিচি সন্দৰ্ভতো ভাষণত উল্লেখ কৰে। মন্ত্ৰী গৰাকীয়ে অনুষ্ঠানত উপস্হিত অনা অসমীয়া লোকসকলক অসম ভ্ৰমণ কৰিবলৈও আহ্বান জনায়।
অসম দিৱস উপলক্ষে আয়োজিত সভাত সাংসদ দিলীপ শইকীয়া, অসম ঔদ্যোগিক উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক মানবেন্দ্র প্ৰতাপ সিং, উদ্যোগ বিভাগৰ সচিব ইন্দিৰা কলিতা আৰু নতুন দিল্লীৰ অসম ভৱনৰ বিশেষ কৰ্তব্যৰত বিষয়া বৈশালী নায়ককে ভালে সংখ্যক বিষয়া কৰ্মচাৰী উপস্থিত আছিল। সভাৰ পিছতে এক দলীয় সত্ৰীয়া নৃত্যৰে বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী আৰম্ভ কৰা হয়।