Pakistan is forced to launch an operation against terrorists under pressure from China:চীনৰ হেঁচাত সন্ত্রাসবাদীৰ বিৰুদ্ধে অভিযান চলাবলৈ বাধ্য হ’ল পাকিস্তান

pak%40china

Pakistan is forced to launch an operation against terrorists under pressure from China:

পাকিস্তান চৰকাৰে বেলুচিস্তানত সন্ত্রাসবাদীৰ বিৰুদ্ধে অভিযান চলাবলৈ সিদ্ধান্ত ল’লে। দেশখনৰ সেনাবাহিনীয়ে বেলুচিস্তানত অভিযান চলাবলৈ বিচৰা নাছিল যদিও শ্বাহবাজ শ্বৰীফ চৰকাৰে সন্ত্রাসবাদীৰ বিৰুদ্ধে অৱশেষত কঠোৰ হ’বলৈ বাধ্য হ’ল।

প্ৰকাশিত বাতৰি অনুসৰি, পাকিস্তানে চীনৰ হেঁচাতে সন্ত্রাসবাদীৰ বিৰুদ্ধে অভিযান চলাবলৈ সিদ্ধান্ত ল’লে। দৰাচলতে পাকিস্তানত প্রায় ৩০ হেজাৰ চীনা নাগৰিক আছে। এইসকল চীনা লোকে পাকিস্তানত চীনৰ অভিলাষী চিপিইচি প্রকল্পত কৰ্মৰত হৈ আছে। পাকিস্তানত থকা এইসকল চীনা লোকে সদায় সন্ত্রাস আক্ৰমণৰ শংকাত জীৱন নিৰ্বাহ কৰিছে। শেহতীয়াভাৱে বেলুচিস্তানত সন্ত্রাসবাদীয়ে চীনা নাগৰিকক আক্ৰমণৰ লক্ষ্য হিচাপে লৈছে।

চিপিইচিত কৰ্মৰত চীনা নাগৰিকৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বৰীফক হেঁচা দিছে। সেই কাৰণতে শ্বৰীফ চৰকাৰে শেহতীয়াভাৱে সন্ত্রাসবাদীৰ বিৰুদ্ধে কঠোৰ হ’বলৈ বাধ্য হৈছে।

Exit mobile version