12th International Tourism Mart in Kaziranga:কাজিৰঙাত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্টৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

অংশগ্ৰহণ কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱাট আকু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ, পর্যটন সন্মিলনত অংশগ্ৰহণ ১৪ খন দেশৰ শতাধিক পৰ্যটক আৰু ট্যুৰ অপাৰেটৰৰ

cm 1

12th International Tourism Mart in Kaziranga:

আজিৰে পৰা কাজিৰঙাত আৰম্ভ হৈছে ১২ সংখ্যক আন্তর্জাতিক পর্যটন সন্মিলন ৷ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ৰ উদ্যোগত তথা অসম চৰকাৰৰ পৰ্যটন বিভাগ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সহযোগত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্ট আজি শুভ উদ্বোধন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই

উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড:শৰ্মাই কয়,বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত অনুষ্ঠিত এই অনুষ্ঠানে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পর্যটন সম্ভাৱনাক অধিক ত্বৰান্বিত কৰি আৰ্থ-সামাজিক বিকাশৰ অনিৰুদ্ধ যাত্ৰাক নৱৰূপ দিব ৷

কাজিৰঙাৰ এলিভেটেড কৰিড’ৰ প্ৰকল্পটোৰ গুৰুত্ব আমাৰ বাবে অতি বেছি৷ বিশেষকৈ বানৰ সময়ত বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে ইয়াৰ প্ৰয়োজনীতা অধিক৷ এই প্ৰস্তাৱ অতি সোনকালে চূড়ান্ত অনুমোদনৰ বাবে কেবিনেটত দাখিল কৰা হ’ব বুলিও ভাষণত উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ৷

আনহাতে মুখ্যমন্ত্ৰীয়ে আজি আন্ত:ৰাষ্ট্রীয় পর্যটন মার্টত ঐতিহ্যশালী চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে স্বীকৃতি প্রদানত লোৱা অনবদ্য ভূমিকাৰ বাবে প্রধানমন্ত্রী ,কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱাট প্ৰমুখ্যে কেন্দ্ৰীয় কেবিনেটক অসমবাসীৰ হৈ পুনৰবাৰ কৃতজ্ঞতা জ্ঞাপন কৰে ৷ পর্যটনৰ প্রাসংগিকতাৰ প্রতি লক্ষ্য ৰাখি সত্রীয়া সংস্কৃতিৰ প্রাণকেন্দ্র ‘মাজুলী’কো ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে স্বীকৃতি দিবলৈ কেন্দ্রীয় চৰকাৰলৈ প্রস্তাৱ আগবঢ়োৱাৰ কথা সদৰি কৰে মুখ্যমন্ত্ৰী ড:শৰ্মাই।

অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় পৰ্যটন আৰু সাংস্কৃতিক মন্ত্রী গজেন্দ্র সিং শ্বেখাৱট , অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু , কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটা , কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা অসমৰ কেবিনেট মন্ত্ৰী সকল অতুল বৰা , কেশৱ মহন্ত, জয়ন্ত মল্ল বৰুৱা, সঞ্জয় কিষানৰ লগতে উত্তৰ – পূৰ্বাঞ্চল ৰাজ্য সমূহৰ জ্যেষ্ঠ বিষয়াবৰ্গই ৷

কাজিৰঙাৰ কঁহৰাত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় উত্তৰ-পূব পৰ্যটন মেলাত অংশ গ্ৰহণ কৰে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গার্গে ৷
গাৰ্গে সাংবাদিকৰ আগত কয়,মই বিশেষকৈ চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ নকৰোঁ। কিন্ত কাজিৰঙাৰ দৰে ঐতিহাসিক ক্ষেত্ৰত উপস্থিত হোৱাটো মোৰ বাবে পৰম সৌভাগ্যৰ কথা ৷

ইপিনে,আজিৰে পৰা আৰম্ভ হোৱা ১২ সংখ্যক আন্তর্জাতিক পর্যটন সন্মিলনত অংশগ্ৰহণ কৰিবলৈ অহা শতাধিক বিদেশী পর্যটক আজি আহি উপস্থিত হ’ল চৰাইদেউ মৈদাম ক্ষেত্র। থাইলেণ্ড, ভিয়েটনাম, স্পেইন, লাউচকে ধৰি চৈধ্যখন দেশৰ লগতে ভাৰতৰ শতাধিক পৰ্যটক, ট্যুৰ অপাৰেটৰে পৰিদৰ্শন কৰিলে চৰাইদেউ মৈদাম। মৈদাম ক্ষেত্ৰত উপস্থিত হৈ পর্যটকসকলে মৈদামৰ আন্তঃগাথনি তথা নির্মাণ পদ্ধতি সন্দৰ্ভত বুজ লয়। আনহাতে মৈদাম ক্ষেত্রত টাই আহোম পৰম্পৰাগত “ফুৰালুং” প্ৰথাৰ লগতে অসমীয়া খাদ্যাভাস তথা সংস্কৃতিৰো প্ৰদৰ্শন কৰা হয় পৰ্যটকসকলৰ সন্মুখত।

Exit mobile version