Class IV employees will not be recruited in schools:Dr.Pegu বিদ্যালয়ত অতীত হ’ব চতুৰ্থ বৰ্গৰ কৰ্মচাৰী

বিদ্যালয়ত নিযুক্তি দিয়া নহ'ব চতুৰ্থ বৰ্গৰ কৰ্মচাৰী :শিক্ষামন্ত্ৰী

ranoj

Class IV employees will not be recruited in schools: Dr.Pegu

বিদ্যালয়ত অতীত হ’ব চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৷ ৰাজ্যৰ শিক্ষা বিভাগত বন্ধ হ’ব চতুৰ্থ বৰ্গৰ চাকৰি। এই কথা সদৰি কৰিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ বৰ্তমান বিদ্যালয়ত যি সকল চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছে ,তেওঁ লোক থাকিব ৷ কিন্ত ইয়াৰ পাছত আৰু নাথাকিব ৷

মন্ত্ৰী পেগুৱে কয়,চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পৰিবৰ্তে নিয়োগ কৰা হ’ব মাল্টি টাস্কিং ষ্টাফ। এই পদত নিয়োজিত কৰ্মচাৰীয়ে বিদ্যালয়ৰ মালী পৰা আৰম্ভ কৰি চকীদাৰী পৰ্যন্ত কাম কৰিব লাগিব ৷ আনহাতে এই নিয়োগৰ ক্ষেত্ৰত বিদ্যালয় কৰ্তৃপক্ষৰ ওপৰতে থাকিব কৰ্তৃত্ব।

মন্ত্ৰী গৰাকীয়ে চতুৰ্থবৰ্গ নিযুক্তি সন্দৰ্ভত কয় যে,পূৰ্বত দিয়া নিযুক্তিত কোনো এখন জিলাৰ বিদ্যালয়ত অন্য জিলাৰ নিবনুৱাও নিযুক্তি পালে সংশ্লিষ্ট অঞ্চলৰ লোকে আপত্তি দৰ্শাইছিল ৷ এনেবোৰ কাৰণতেই ৰাজ্য চৰকাৰে এতিয়াৰ কোনো এখন বিদ্যালয়ত মাল্টি টাস্কিং ষ্টাফ বিদ্যালয় খনৰ কৰ্তৃপক্ষই স্থানীয় নিবনুৱাকে নিযুক্তি দিব পাৰিব ৷

Exit mobile version