Heinous incident in Dumduma :
বাৰম্বাৰ মানৱ সমাজক লজ্জাজনক ঘটনা সংঘটিত হৈ আহিছে ডুমডুমাত ৷ পুনৰ এক জঘন্য ঘটনাই জোকাৰি গৈছে ডুমডুমা ৷ খেলি থকা অৱস্থাত ফুচুলাই নি চকু আৰু মুখত কাপোৰ বান্ধি এগৰাকী ষষ্ঠ শ্ৰেণীৰ অধ্যয়নৰত কিশোৰীক দলবদ্ধ ধৰ্ষণ ৭ লম্পটৰ ৷ ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা কিশোৰী গৰাকী আৰু তেওঁৰ পৰিয়ালক থানাত থানাত গোচৰ নিদিবলৈ ভয়- ভাবুকি দি আহিছিল সাত পাষণ্ডই ৷
আনকি গাৱঁত সভা পাতি সাত লম্পটে ভুক্তভোগী পৰিয়ালক মুখ বন্ধৰ বাবে যাচিবলৈ ধন ৷ কিন্ত ধন লোৱাৰ পৰা বিৰত আছিল দুৰ্ভগীয়া পৰিয়ালটি ৷
আনহাতে এনে ঘটনাক্ৰমৰ মাজতে কিশোৰী গৰাকীৰ শাৰীৰিক পৰিৱৰ্তন হোৱাত স্থানীয় মহিলা সমিতিৰ তৎপৰতাত কিশোৰী গৰাকীক লৈ যোৱা যোৱা হয় ডুমডুমাৰ চিকিৎসালয়লৈ ৷ চিকিৎসকৰ পৰীক্ষাত ধৰা পৰে যে কিশোৰী গৰাকী বৰ্তমান ২৩ সপ্তাহ ৫ দিনৰ অন্তসত্বা ৷
ইয়াৰ পিছতে মহিলা সমিতিৰ সহযোগত ভুক্তভোগী পৰিয়ালটিয়ে সাত লম্পটৰ বিৰুদ্ধে গোচৰ তৰে ডুমডুমা থানাত৷ ইতিমধ্যে আৰক্ষী ক্ষীপ্ৰতাৰে অভিযান চলাই সাত পাষণ্ডক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত ৭ লম্পট হ’ল ভোলা তাঁতী,আদিত্য যাদৱ,বিকাশ চাহনি,কৃষ্ণ প্ৰসাদ ,চাহিল প্ৰসাদ ,বিকাশ তাছা আৰু তুলকু লিম্বু ৷