CBI files chargesheet in trading scam:
বহুচৰ্চিত ট্ৰেডিং কেলেংকাৰীৰ অভিযোগনামা অৱশেষত দাখিল আদালতত । চিবিআয়ে দাখিল কৰিলে এই কেলেংকাৰীৰ অভিযোগনামা। মহা প্ৰৱঞ্চক বিশাল ফুকন, চুমি বৰা ,তাৰ্কিক বৰা আৰু অভিজিৎ চন্দৰ বিৰুদ্ধে বৃহস্পতিবাৰে অভিযোগনামা কেন্দ্ৰীয় অনুসন্ধান সন্থাটোৱে দাখিল কৰে চিবিআইৰ বিশেষ আদালতত ৷
ADVERTISEMENT
উল্লেখ্য যে,ইতিমধ্যে ডিব্ৰুগড়ত ৰজু হোৱা এটা গোচৰত উচ্চ ন্যায়ালয়ত জামিন লাভ কৰিছিল বিশাল ফুকন আৰু ,তাৰ্কিক বৰাই ৷ আনহাতে আজি চুমি বৰা , অভিজিৎ চন্দ সহ কে’বাজনৰ জামিন সন্দৰ্ভত উচ্চ ন্যায়ালয়ত শুনানি হয় যদিও জামিন স্থগিত ৰাখে আদালতে ৷