Center bans 6.6 SIM cards: Minister of State for Home:চাইবাৰ অপৰাধ প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিশেষ তৎপৰতা

কেন্দ্ৰই বন্ধ কৰিছে ৬.৬ লাখ ছিম কার্ড

union home miniter

Center bans 6.6 SIM cards: Minister of State for Home:

দেশত ক্রমবর্ধিত চাইবাৰ অপৰাধ প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷ কেন্দ্ৰই বন্ধ কৰিছে ৬.৬ লাখ ছিম কার্ড। বন্ধ কৰিছে ১.৩২ লাখ আই এম ই আই (International Mobile Iguipment Identity)নম্বৰ ৷ ৰাজ্যসভাত বিৰোধী দলৰ সাংসদ এগৰাকী সোধা লিখিত প্ৰশ্নোত্তৰত গৃহ বিভাগৰ ৰাজ্যিক মন্ত্রী বান্দি সঞ্জয় কুমাৰে সদৰী কৰে এই তথ্য।

মন্ত্ৰী গৰাকীয়ে সদনত উল্লেখ কৰে যে কেন্দ্ৰ আৰু টেলিকম ছাৰ্ভিচ প্ৰ’ভাইদাৰে চাইবাৰ অপৰাধ প্ৰতিৰোধৰ বাবে কেতবোৰ ব্যৱস্থা গ্ৰহণৰ বাবে তৎপৰ হৈ পৰিছে। নতুন ব্যৱস্থাৰ জৰিয়তে বহিঃৰাষ্ট্ৰৰ চাইবাৰ অপৰাধ সংঘটিত কৰিব পৰা সন্দেহজনক ম’বাইল ফোন সমূহ তৎক্ষণাত চিনাক্ত কৰি ব্লক কৰাৰ বাবে লৈছে বিশেষ পদক্ষেপ লৈছে ৷

উল্লেখ্য যে,বেংক একাউণ্টৰ পৰা ধন হৰলুকি ,চৰকাৰী বিষয়া বা আৰক্ষী বিষয়া বা বেংক বিষয়া বুলি ভুৱা পৰিচয় দি কেৰোণৰে ধন সংগ্ৰহ কৰিবৰ বাবে দুষ্ট চক্ৰই ব্যৱহাৰ কৰি আহিছে আন্ত:ৰাষ্ট্ৰীয় ফোন কৰে। ব্যাপক হাৰত সংঘটিত চাইবাৰ অপৰাধ আৰু জালিয়াতিৰ ঘটনাৱলীক লৈ উদ্বিগ্ন হৈছে কেন্দ্ৰ ৷ ইতিমধ্যে এনে ঘটনাৰ অভিযোগ পঞ্জীয়ন ভূক্ত হৈছে প্ৰায় ৯.৯৪ টা ৷

অৱশ্যে কেন্দ্ৰীয় চৰকাৰে বিশেষ কাৰিকৰী ব্যৱস্থাৰ মাধ্যমেৰে চাইবাৰ অপৰাধীৰ কোপ দৃষ্টিৰ পৰা ৩,৪৩১ কোটি টকা সুৰক্ষিত কৰিবলৈ সক্ষম হৈছে ৷

Exit mobile version