Incident Of Brick field : ষ্টাৰ ইটাভাটাত অঘটন

পানীত পৰি মৃত্যু দুই বছৰীয়া দেৱ শিশুৰ, ঘটনাক বৃহৎ ধনৰ লোভ দেখুৱাই গাপ দিয়াৰ চেষ্টা মালিক পক্ষৰ

brick

মৰ্মান্তিক ! ইটাভাটাৰ পুখুৰীত পৰি সলিল সমাধি দুবছৰীয়া দেৱ শিশুৰ ৷

ADVERTISEMENT

এই কৰুণ ঘটনা সংঘটিত হয় তামাৰহাটৰ নাটাবাৰী তৃতীয় খণ্ড গাঁৱত  | ছাইফুল ইছলাম নামৰ লোকজনৰ কণমানি দুবছৰীয়া লৰা হাছানুৰ নামৰ দেৱ শিশুটি ষ্টাৰ ইটাভাটাৰ পুখুৰীত পৰি সলিল সমাধি হয়। অভিযোগ মতে ষ্টাৰ ইটাভাটাৰ মালিকৰ গাফিলতিৰ কাৰণে পুখুৰীত পৰি মৃত্যু হয় দেৱ শিশুটিৰ।

উল্লেখ্য যে উক্ত ঘটনাক গাপ দিয়াৰ চেষ্টা ইটাভাটাৰ মালিকৰ। উক্ত ঘটনাক লৈ‌ তীব্ৰ প্ৰতিক্ৰিয়া ষ্টাৰ ইটাভাটাৰ শ্ৰমিকৰ মাজত। ইটাভাটাৰ শ্ৰমিকসকলে মালিকক বাৰম্বাৰ গাতটোৰ চাৰিওফালে বেৰ দিবলৈ কোৱাৰ পিছতো বেৰ নিদিয়াৰ অভিযোগ ইটাভাটা মালিকৰ বিৰুদ্ধে।

ইপিনে ৰেজ্জাক নামৰ লোক এজনে গুণ্ডা বাহিনীক লৈ ইটাভাটাৰ শ্ৰমিকক মাৰাৰ ভাবুকি দিয়াৰো অভিযোগ উত্থাপিত হৈছে। গুণ্ডা বাহিনীৰ ভাবুকিৰ পিছত বৰ্তমান আশংকাত আছে ইটাভাটাৰ প্ৰায় শতাধিক তামাৰহাটৰ শ্ৰমিক

জানিব পৰা মতে শুকুমিদ্দিন সেখ নামৰ ঠিকাদাৰে তামাৰহাটৰ নাটাবাৰীৰ কেইবাটাও পৰিয়ালক কাম কৰিবলৈ লৈ গৈছিল শ্ৰীৰামপুৰৰ ষ্টাৰ ইটাভাটালৈ। বুৰহান নামৰ এজন ব্যৱসায়ী উক্ত ষ্টাৰ ইটাভাটাটোৰ স্বত্বাধিকাৰী বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে কোকৰাঝাৰ আৰক্ষী প্ৰশাসন,কোকৰাঝাৰ শ্ৰম পৰিদৰ্শক তথা কোকৰাঝাৰ জিলা আয়ুক্তই উক্ত ঘটনাৰ ওপৰত কেনে‌ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ’ব লক্ষণীয়। ইপিনে জানিব পৰা মতে উক্ত ইটাভাটাত শিশুসকলৰ বাবে নাই কোনো সুবিধা,নাই বিদ্যালয়। অভিযোগ মতে সমগ্ৰ ঘটনাক বৃহৎ ধনৰ লোভ দেখাই গাপ দিয়াৰ চেষ্টা মালিক পক্ষৰ।

Exit mobile version