Human Carrying Drone: দ্বাদশ শ্ৰেণীৰ ছাত্ৰই নিৰ্মাণ কৰিলে মানুহ কঢ়িওৱা ড্ৰোণ

চুবুৰীয়া দেশ চীনৰ ড্ৰোন প্ৰযুক্তিৰ দ্বাৰা অনুপ্ৰাণিত হৈ মেধংশ ত্ৰিবেদী নামৰ ছাত্ৰগৰাকীয়ে নিৰ্মাণ কৰি উলিয়ালে মানৱ সঞ্চালিত ড্ৰোণ ।

ড্ৰোণ

মধ্য প্ৰদেশৰ গোৱালিয়ৰৰ স্কিণ্ডিয়া বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ এগৰাকী শিক্ষাৰ্থীৰ চমকপ্ৰদ উদ্ভাৱন । চুবুৰীয়া দেশ চীনৰ ড্ৰোন প্ৰযুক্তিৰ দ্বাৰা অনুপ্ৰাণিত হৈ মেধংশ ত্ৰিবেদী নামৰ ছাত্ৰগৰাকীয়ে নিৰ্মাণ কৰি উলিয়ালে মানৱ সঞ্চালিত ড্ৰোণ । এই ড্ৰোণে এগৰাকী ৮০ কিলোগ্ৰাম ওজনৰ মানুহলৈকে ওজন কঢ়িয়াব পাৰে ।

প্ৰায় ৩.৫ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা ড্ৰোণখনৰ নাম হৈছে এমএলডিটি ০১। এই ড্ৰোণৰ কাম সম্পন্ন কৰিবলৈ মেধংশক প্ৰায় তিনি মাহ সময় লাগিছিল।

মেধংশে কয়, “চীনৰ ড্ৰোনসমূহ দেখি মই এই ড্ৰোণখন তৈয়াৰ কৰাৰ অনুপ্ৰেৰণা লাভ কৰিছিলো । মোৰ শিক্ষক মনোজ মিশ্ৰই মোক এই সময়ছোৱাত অনুপ্ৰেৰণা যোগোৱাৰ লগতে কাৰিকৰীভাৱে যথেষ্ট সহায় কৰিছে।”

মানুহ কঢ়িয়াই নিয়া ড্ৰোণ এমএলডিটি ০১

মেধংশে কৈছিল যে ৪৫ অশ্বশক্তিৰ ড্ৰোণখনে ৬০ কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত ৬ মিনিটৰ বাবে বতাহত নিৰন্তৰভাৱে উৰিব পাৰে । লগতে এই দ্ৰোণখনে ৮০ কিলোগ্ৰাম ওজনৰ এজন ব্যক্তিক কঢ়িয়াই নিব পাৰে । বৰ্তমানলৈ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ১.৮ মিটাৰ দীঘল ড্ৰোণখন কেৱল ১০ মিটাৰ উচ্চতালৈকেহে উৰোৱা হৈছে। ড্ৰোণ এমএলডিটি ০১ ত চাৰিটা মটৰ ব্যৱহাৰ কৰা হৈছে।

Exit mobile version