প্ৰতিগৰাকী যুৱক-যুৱতীৰ বাবে বিবাহ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ । ই এক প্ৰাকৃতিক নিয়ম । প্ৰতিগৰাকী যুৱক-যুৱতীয়ে এটা নিৰ্দিষ্ট বয়সত উপনীত হোৱাৰ লগে লগে বিবাহৰ বাবে সাজু হ’বলগীয়া হয় । বহুসময়ত যুৱক অথবা যুৱতীগৰাকীৰ ইচ্ছা নোহোৱা স্বত্বেও ঘৰৰ লোকৰ হেঁচা প্ৰয়োগ কৰি বিবাহৰ বাবে সৈমান কৰায় । কিন্তু এতিয়াৰ পৰা বিবাহৰ হেঁচাৰ পৰা পৰিত্ৰাণ পাবলৈ যুৱতীসকলৰ বাবে উপলব্ধ হৈছে বিশেষ ব্যৱস্থাৰ । যুৱতীসকলে পৰিয়ালক সন্তুষ্ট কৰিবলৈ ভাড়ালৈ লব পাৰিব প্ৰেমিক । আচৰিত যদিও এই কথা সত্য ।
ভিয়েটনাম চহৰত যুৱতীসকলে এতিয়া অৱলম্বন কৰিছে প্ৰেমিক ভাড়া লোৱা পন্থা । ছাউথ চাইনা মৰ্ণিং পোষ্ট (এছচিএমপি)ৰ প্ৰতিবেদন অনুসৰি, বিশেষকৈ অবিবাহিত মহিলাসকলে হলিডে’, নৱবৰ্ষৰ দৰে পাৰিবাৰিক অনুষ্ঠানসমূহত ভাগ লবলৈ যাওতে পৰিয়ালক সন্তুষ্ট কৰিবলৈ এজন প্ৰেমিক ভাড়ালৈ লৈ যায় ।