Triple Murder : পুত্ৰই হত্যা কৰিলে পিতৃ-মাতৃ আৰু ভগ্নীক, কিয় জানেনে ?

দিল্লীৰ ত্ৰিপল মাৰ্ডাৰ ঘটনাত ফাদিল হ'ল ভয়ংকৰ তথ্য । পুত্ৰই খঙতে হত্যা কৰিলে পিতৃ-মাতৃ আৰু ভগ্নীক । কাৰণ পিতৃ-মাতৃয়ে অত্যাধিক মৰম কৰিছিল কন্যাক । পুত্ৰৰ লগত সতীয়া পুত্ৰৰ দৰে ব্যৱহাৰ কৰাৰ অভিযোগ ।

হত্যা

যোৱা ৪ ডিচেম্বৰৰ পুৱা দিল্লীত এক ত্ৰিপল মাৰ্ডাৰ ঘটনাই সকলোকে জোকাৰি গৈছিল । একেটা পৰিয়ালতে স্বামী, পত্নী আৰু কন্যাক কোনো লোকে চোকা অস্ত্ৰে হানি-খুচি হত্যা কৰাৰ খবৰ শুনি সকলো হতবাক হৈ পৰিছিল । মৃত তিনিজন আছিল ৰাজেশ তানৱাৰ (৫৫), কোমল (৪৭) আৰু কবিতা (২৩)  ।

এই ঘটনাৰ খবৰ পোহৰলৈ অহাৰ পিছতে দিল্লী আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ফৰেনচিক দলৰ সৈতে লগ হৈ তদন্ত অব্যাহত ৰাখিছিল । তাৰ পিছতে আৰক্ষীয়ে মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে হত্যাৰ ৰহস্য ভেদ কৰিবলৈ সক্ষম হয় । হত্যাকাৰীৰ বিৱৰণ শুনিলে আপোনাৰো চকু কঁপালত উঠিব ।

প্ৰকৃততে পৰিয়ালটোৰ পুত্ৰ অৰ্জুনেই পিতৃ-মাতৃৰ বিবাহবাৰ্ষিকীৰ দিনটোত পিত-মাতৃসহ ভগ্নীক হত্যা কৰিছিল । আৰক্ষীক বিভ্ৰান্ত কৰিবলৈ পুত্ৰ অৰ্জুনে ভুৱা কাহিনী সজাইছিল । জানিব পৰা অনুসৰি অৰ্জুনে ক্ৰীড়া ভাল পাইছিল, সেয়েহে তেওঁ অধ্যয়নত কম সময় দিছিল । সেইবাবে পিতৃয়ে তেওঁক সদায় গালি পাৰিছিল ।

ইয়াৰ কেইদিনমানৰ পূৰ্বে পিতৃয়ে অৰ্জুনৰ বহুতো লোকৰ সন্মুখতে প্ৰহাৰ কৰিছিল । সেইবাবে অৰ্জুনৰ পিতৃৰ ওপৰত খঙত অগ্নিশৰ্মা হৈ আছিল । তেতিয়াই অৰ্জুনৰ অনুভৱ হ’ল যে তেওঁৰ পৰিয়ালে ভনীয়েককহে বেছিকৈ ভাল পায় ।

কেৱল এয়াই নহয়, অৰ্জুনে সন্দেহ কৰিছিল যে, তেওঁৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ সম্পত্তি তেওঁৰ ভনীয়েককহে হস্তান্তৰ কৰিব পাৰে । ইয়াৰ পিছতেই অৰ্জুনে পিতৃ-মাতৃ আৰু ভগ্নীক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল ।

আৰক্ষীৰ জেৰাৰ সময়ত অৰ্জুনৰ বিবৃত্তি সলনি হোৱা দেখি আৰক্ষীৰ অৰ্জুনৰ ওপৰত সন্দেহ হয়, তেতিয়াই আৰক্ষীয়ে অৰ্জুনক আচুতীয়াকৈ কঠোৰভাৱে জেৰা চলায় । আৰক্ষীৰ জেৰাত অৰ্জুনে ভীতিগ্ৰস্ত হৈ এই ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনাৰ মাষ্টাৰপ্লেনৰ বিৱৰণ দিয়ে ।

কি হৈছিল হত্যাকাণ্ডৰ পুৱা

অৰ্জুনে বুধবাৰে পুৱা প্ৰায় ৫ বজাত সাৰ পাইছিল । প্ৰথমে অৰ্জুনে তলৰ মহলাৰ কোঠাটোত শুই থকা অৱস্থাত তেওঁৰ ভনীয়েকক ডিঙিত প্ৰহাৰ কৰি হত্যা কৰে । ইয়াৰ পিছতে অৰ্জুনে প্ৰথম মহলাত কোঠাটোত শুই থকা দেউতাকক হত্যা কৰে আৰু তাৰ পিছতেই ৱাছৰুমৰ পৰা ওলাই অহাৰ লগে লগে মাকক হত্যা কৰে ।

আনহাতে অৰ্জুনে ঘটনাটো সংঘটিত কৰাৰ সময়ত কোনো এগৰাকী সদস্যই ইজনে সিজনৰ বিষয়ে গম নাপায় । ইতিমধ্যে নেব চৰাই আৰক্ষীয়ে অৰ্জুনক গ্ৰেপ্তাৰ কৰি সোধা-পোছা কৰিছে। ঘটনাত অৰ্জুনে ব্যৱহাৰ কৰা অস্ত্ৰ এই পৰ্যন্ত উদ্ধাৰ  হোৱা নাই । আৰক্ষীয়ে পৰৱৰ্তী তদন্ত আব্যাহত ৰাখিছে ।

Exit mobile version