ভগৱানৰ ঘৰতো কেলেংকাৰী, টিনপাতৰ নামৰ কাৰ পকেটত সোমাল পইচা ?

বৰপেটা সত্ৰৰ কীৰ্তন ঘৰৰ টিনপাত ক্ৰয়ৰ নামত কোটিটকীয়া কেলেংকাৰীৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । কাৰ পকেটত সোমাল পইচা ?

Barpeta Satra scaled

এইবাৰ বৰপেটা সত্ৰৰ কীৰ্তনঘৰত কোটিটকীয়া কেলেংকাৰীৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । ৰাজ্য চৰকাৰৰ অনিৰ্ধাৰিত পুঁজিৰ পৰা আগবঢ়োৱা এক কোটি টকাৰে সত্ৰৰ মূল কীৰ্তন ঘৰকে ধৰি আন গৃহৰ বাবে ছমাহৰ পূৰ্বে টিনপাত ক্ৰয় কৰাৰ ক্ষেত্ৰত বেমেজালি হোৱাৰ তথ্য় পোহৰলৈ আহিছে । এই সম্পৰ্কত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া ড. বাবুল চন্দ্ৰ দাসে প্ৰকাশ কৰে যে, টিনপাত ক্ৰয় কৰিবলৈ এখন ৫ জনীয়া সমিতি গঠন কৰা হৈছিল ।

তাৰ পিছতে এই নিৰ্মাণ সমিতিক আওকাণ কৰি সত্ৰৰ পূৰ্ব পৰিচালনা সমিতিৰ সম্পাদক প্ৰভাত দাস আৰু সদস্য চক্ৰধৰ দাসে  সকলো কামৰ তদাৰকৰ দায়িত্ব লয় । তাৰ পিছতে পোহৰলৈ আহিছে কেলেংকাৰীৰ খবৰ । উক্ত দুয়োগৰাকীয়ে এই অনিয়ম সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰে বুঢ়াসত্ৰীয়াগৰাকীয়ে ।

লগতে বুঢ়াসত্ৰীয়াগৰাকীয়ে অভিযোগ উত্থাপন কৰি কয় যে, তেওঁলোকে কোম্পানীৰ পৰা পোণপটীয়াকৈ টিনপাত ক্ৰয় কৰাৰ বিপৰীতে মধ্যভোগীৰ পৰা টিনপাত ক্ৰয় কৰে । ছমাহৰ পূৰ্বে সত্ৰৰ মূল কীৰ্তন ঘৰৰ লগতে যোগমোহন গৃহ, মাধৱদেৱ শাস্ত্ৰ অধ্যয়নাগাৰ, ভাঁজঘৰ, আতাৰ ভিঠিত পুৰণি টিনপাত সলনি কৰি নতুন টিনপাত লগোৱা হৈছিল । কিন্তু সেই টিনপাটো আছিল নিম্নমানৰ ।

Exit mobile version