চাহ মহানগৰীৰ হাওঁফাওঁ ৰক্ষাৰ দাবীত উলাই আহিছে ডিব্ৰুগড়ৰ সচেতন নাগৰিক। দেওবাৰে চহৰৰ মাজত সেউজীয়া চাহ বাগিচাৰ আৱৰণ ধ্বংস কৰাৰ প্ৰতিবাদত উলাই আহিছে ৰাইজ।
ডিব্ৰুগড় চহৰৰ মাজমজিয়াত অৱস্থিত দক্ষিণ জালান চাহ বাগিচাক ‘সেউজ নগৰ’ হিচাপে গঢ়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে বহনক্ষম সেউজ ডিব্ৰুগড়ে। প্ৰতিবাদকাৰী লোকসকলে দক্ষিণ জালান নগৰ চাহ বাগিচাৰ গছ-গছনি কাটি তহিলং কৰাৰ পৰিৱৰ্তে ডিব্ৰুগড়ৰ ৰাইজৰ স্বাৰ্থত সেউজ অৰণ্য হিচাপে গঢ় দিয়াৰ আহ্বান জনাইছে। অন্যহাতে চৰকাৰক দক্ষিণ জালান চাহ বাগিচাৰ মাটিখিনি অধিগ্ৰহণ কৰিবলৈকো আহ্বান জনাইছে প্ৰতিবাদকাৰীসকলে ।
লগতে প্ৰতিবাদকাৰীসকলে দাবী কৰে যে, ডিব্ৰুগড়ৰ নাগৰিক হিচাপে প্ৰাকৃতিক অধিকাৰ পাবই লাগিব। ইয়াৰ লগে লগে চাহ মহানগৰী হিচাপে ডিব্ৰুগড়ৰ মৰ্যাদা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰতো পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাই বহনক্ষম সেউজ ডিব্ৰুগড়ে দেশৰ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ এখন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে ।