Kamakhya Temple Visit Tourism Minister Ranjit Kr.Das:
সোমবাৰে ৰাজ্যৰ পৰ্যটন মন্ত্ৰীৰ দায়িত্ব লাভৰ পাছতে আজি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে পুৱাতে নীলাচল পাহাৰস্থিত মা কামাখ্যা মন্দিৰ দৰ্শন কৰি পূজা- অৰ্চনা কৰে ৷ ইয়াৰ পিছতে মন্ত্ৰী গৰাকীয়ে কামাখ্যা দেৱালয় পৰিচালনা সমিতি, দলৈ সমাজৰ প্ৰতিনিধিসকল আৰু বিভাগীয় বিষয়াসকলৰ লগত মত-বিনিময় কৰি মন্দিৰ উন্নয়নৰ বিভিন্ন কাম-কাজ সমূহৰ বুজ লয় ৷
এই সন্দৰ্ভত মন্ত্ৰী দাসে কয়,প্ৰচুৰ সম্ভাৱনাময় এই পৰ্যটন বিভাগটোৰ দায়িত্ব মোক অৰ্পণ কৰা বাবে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ মাৰ্গদৰ্শন আগন্তুক দিনত অসমৰ পৰ্যটন ক্ষেত্ৰ খনক আগুৱাই নিয়াত সফল হ’ম বুলি মই আশাবাদী ৷
উল্লেখ্য যে,মন্দিৰ উন্নয়নৰ বিভিন্ন কাম-কাজ সম্পৰ্কত অনুষ্ঠিত বৈঠকত মন্ত্ৰী দাসৰ উপৰিও উপস্থিত থাকে দলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মা, সৰু দলৈ হিমাদ্ৰী শৰ্মা, পৰ্যটন বিভাগৰ যুটীয়া সচিব মামণি পাৰমেয় ,পৰ্যটন সঞ্চালক ৰণোজ কুমাৰ বৰকটকী, উপ-সঞ্চালক বৈদ্যৰ্নাভ বৰা, অতিৰিক্ত জেনেৰেল মেনেজাৰ প্ৰভাস শৰ্মা ৷