শীতকালত প্ৰতিদিনে কিমান পানী খাব লাগে আপুনি জানেনে?

শীতকালত সাধাৰণতে আমাৰ ছাল, চুলি ঠাণ্ডা বতাহৰ ফলত ৰুক্ষ হৈ পৰে । সেইবাবে আমাৰ শৰীৰটোক সতেজ কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয় । আপুনি জানেনে শীতকালত আমাৰ শৰীৰৰ বাবে কিমান পানী প্ৰয়োজনীয় ?

পানী

আমাৰ শৰীৰটো প্ৰায় ৫০ ৰ পৰা ৭০ শতাংশ পানীৰে গঠিত। অৱশ্যে, ব্যক্তিৰ বয়স, লিংগ, ওজন আৰু শৰীৰৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি পানীৰ শতাংশ পৃথক হ’ব পাৰে । সাধাৰণতে, শীতকালত মানুহে কম পৰিমাণে পানী খায়। ঠাণ্ডা বতাহৰ বাবে গ্ৰীষ্ম কালৰ তুলনাত মানুহৰ পানী পিয়াহ নালাগে। কিন্তু গ্ৰীষ্ম অথবা শীত যি বতৰেই নহওক কিয় আমাৰ শৰীৰৰ বাবে পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাটো অত্যন্ত প্ৰয়োজনীয় । পানী কমকৈ খোৱাৰ ফলত কেতিয়াবা আমাৰ শৰীৰত কিছুমান গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে।

ADVERTISEMENT

এজন ব্যক্তিয়ে শীতকালত কিমান গিলাচ পানী খাব লাগে?

শীতকালত নিজকে সুস্থ কৰি ৰাখিবলৈ পুৱাৰ পৰা নিশালৈকে পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাৰ অভ্যাস কৰক। আপোনাৰ পিয়াহ নালাগিলেও দিনে কমেও ৪ ৰ পৰা ১০ গিলাচ পানী খাব লাগে। স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে, শাৰীৰিকভাৱে সক্ৰিয় পুৰুষসকলে দিনে ১০ ৰ পৰা ১৪ গিলাচ পানী খাব লাগে। একে সময়তে, মহিলাসকলে ৪ ৰ পৰা ১২ গিলাচ পানী খাব লাগে। ইয়াৰ উপৰিও, আপুনি পানীৰ সলনি ৰস, গাখীৰ, চাহ আৰু নাৰিকল পানী খাব পাৰে।

নেশ্যনেল লাইব্ৰেৰী অৱ মেডিচিন আৰু চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰোল এণ্ড প্ৰিভেনশ্যনৰ ৱেবছাইটত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, শীতকালত কমকৈ পানী খোৱাৰ ফলত এই সমূহ স্বাস্থ্যৰ সমস্যাৰ উদ্ভৱ হয়-

মেদবহুলতা

কমকৈ পানী খালে মেদবহুলতা সমস্যা উদ্ভৱ হোৱাৰ আশংকা বৃদ্ধি কৰে। আমি এদিনত কিমান খাদ্য খাওঁ তাৰ ওপৰত নিৰ্ভৰ কৰি, আমি আমাৰ শৰীৰক যিমান প্ৰয়োজন সিমান পানী খোৱা উচিত। অন্যথা, খোৱা খাদ্য হজম নহয়। ই মেদবহুলতা বৃদ্ধি কৰে।

দুৰ্গন্ধ

কমকৈ পানী খালে ডিঙি আৰু মুখত সমস্যা হ’ব পাৰে। ইয়াৰ ফলত, বেক্টেৰিয়াও মুখত জমা হয় আৰু মুখৰ পৰা বেয়া গোন্ধ ও লায়। লগতে, যেতিয়া শৰীৰত ডিহাইড্ৰেটেড হয় তেতিয়া ঘাম ওলোৱা আৰু প্ৰস্ৰাৱ হ্ৰাস হয়।

মুৰৰ বিষ

কম পানী খোৱাৰ ফলত মূৰৰ বিষৰ সমস্যা বৃদ্ধি হয়। প্ৰকৃততে, পানীৰ অভাৱৰ বাবে মস্তিষ্কৰ কোষবোৰ অস্থায়ীভাৱে সংকুচিত হোৱাৰ ফলত সমস্যাৰ সৃষ্টি হয়। শৰীৰত পানীৰ অভাৱৰ বাবে, পাকস্থলীত এচিডৰ গঠন বৃদ্ধি হয়। ইয়াৰ ফলত পাকস্থলীত গেছৰ উদ্ভৱ হয় আৰু বুকু জ্বলা-পোৰাৰ দৰে সমস্যা হ’ব পাৰে । লগতে কোষ্ঠ-কাঠিন্যৰ সমস্যাৰ সৃষ্টি হয় ।

Exit mobile version