গুৱাহাটীৰ মাজ-মজিয়াত শিহৰণকাৰী হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে । মহানগৰীৰ বিৰুবাৰীস্থিত ভূৱনেশ্বৰ বৰুৱা কেঞ্চাৰ হাস্পতালৰ সমীপত সংঘটিত হৈছে এই হত্যাকাণ্ডটো । ৰক্তাক্ত অৱস্থাত উদ্ধাৰ বিশাল ৰায় নাম এজন যুৱকৰ মৃতদেহ । মৃত বিশালৰ শৰীৰৰ ভিন্ন অংশত আঘাতৰ চিন স্পষ্টকৈ দেখা পোৱা গৈছে । জানিব পৰামতে পেচাত এজন ৰং মিস্ত্ৰী মৃত বিশাল।
ইটাৰে মৰিয়াই মৰিয়াই বিশালক হত্যা কৰাৰ সন্দেহ কৰা হৈছে । বিশালৰ মৃতদেহৰ ওচৰত তেজ লাগি থকা ইটা উদ্ধাৰ কৰা হৈছে । সোমবাৰে প্ৰতিদিনৰ দৰে কামলৈ ওলাই আহিছিল বিশাল । তাৰ পিছৰেপৰাই ঘৰলৈ উভতা নাছিল বিশাল ।
মৃতদেহটো প্ৰত্যক্ষ কৰিয়েই স্থানীয় লোকে ততাতৈয়াকৈ আৰক্ষীক খবৰ দিয়ে । লগে লগে ঘটনাস্থলীত উপস্থিত হৈছে বিৰুবাৰী আৰক্ষী । ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি সোধা-পোছা কৰিছে ।