Pankaj Sarma Passed Away:বিশিষ্ট সংগীত শিল্পী পংকজ শৰ্মাৰ দেহাৱসান দল-সংগঠনৰ শোক

pankaj

ৰাজ্যখনৰ যশস্বী তথা নিভাজ সন্তুৰবাদক, আকাশবাণী আৰু দূৰদৰ্শনৰ স্বীকৃতি প্ৰাপ্ত শিল্পী, ৰাজ্যিক, ৰাষ্ট্ৰীয় লগতে আন্তৰ্জাতিক বাদ্য কলাকাৰ হিচাপে সু-পৰিচিত পংকজ শৰ্মাই আজি এই‌ ধৰা ধাম এৰি ইহ-লোকলৈ গুচি যায়। তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত বৃক্কজনিত ৰোগত আজি পুৱতি নিশা শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স ৬৮ বছৰ আছিল।

ADVERTISEMENT

বৰ্তমান মহানগৰীৰ পাঞ্জাবাৰীৰ বাসিন্দা যদিও তেওঁৰ জন্মস্থান নলবাৰীৰ বৰকুলহাটীত । তেওঁৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি বিশিষ্ট কন্ঠশিল্পী তথা সুৰকাৰ ডিজেন কাকতিয়ে কয় ‘আমি এজন সুখ্যাত বাদ্যশিল্পীক অকালতে হেৰুৱালো‌ । তেওঁৰ হাতৰ পৰশতে প্ৰাণ পাইছিল অনেক গীত, সুৰ‌।’ এইগৰাকী সুখ্যাত বিদ্যশিল্পীৰ বিয়োগত বহুভাষিক সাহিত্য মঞ্চ, অসম চমুকৈ ‘বহুবাক’ৰ প্ৰধান সম্পাদক দীপক শৰ্মা, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, অসম‌ সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক কমল কলিতা, আকাশবাণী আৰু দূৰদৰ্শনৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক প্ৰধান দেৱেন্দ্ৰনাথ বসুমতাৰী, মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন-দৰ্শন অধ্যয়ন সমিতি, অসমৰ সভাপতি ড: বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, সাহিত্য সভাৰ প্ৰাক্তন কোষাধ্যক্ষ কিশোৰ কুমাৰ জৈন, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি নিশুতি মজুমদাৰ, সাহিত্য সাধনা মঞ্চ, অসমৰ মুখ্য উপদেষ্টা বিনয় কুমাৰ শৰ্মা, জৰ্জ কোৰ্ট বাৰ এচোছিয়েশ্যন, গুৱাহাটীৰ সাধাৰণ সম্পাদক দীপক কুমাৰ বৰুৱা, আসাম লুতাদৰ সম্পাদক ড: অৰিন্দম প্ৰিন্স পাংগিং, প্ৰবীণ কবি- সাহিত্যিক দুৰ্গা প্ৰসাদ শৰ্মা, লেখিকা সংস্থা, অসমৰ বামুণীমৈদাম শাখাৰ সম্পাদক পুতুলী ঠাকুৰীয়া মেধি, পৰাগজ্যোতি প্ৰকাশন, অসম‌ শিশু সাহিত্য সমাজ, স্বেচ্ছাসেৱী অনুষ্ঠান “ৰং” আদি‌ দল-সংগঠনে‌ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে।

Exit mobile version