অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে মহানগৰী । মহানগৰীৰ আইএছবিটিত অসম আৰক্ষীৰ এছটিএফ শাখাই অৰ্তকিতে চলোৱা অভিযানত ড্ৰাগছ সহ আটক কুখ্যাত সৰবৰাহকাৰী ৷ মহানগৰীৰ বেতকুছিস্থিত আন্তঃৰাজ্যিক বাছ আস্থান চমুকৈ আইএছবিটিত অভিযান চলাই ড্ৰাগছসহ এটা সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।
ধৃত সৰবৰাহকাৰীটো কাছাৰৰ ধলাই নুৰুল হক বুলি আৰক্ষীয়ে সদৰী কৰিছে। সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে ২৩৯.৫ গ্রাম ওজনৰ হেৰ’ইন জব্দ কৰে ৷ ১৯ টা চাবোনৰ বাকচত অনা হৈছিল হেৰ’ইনখিনি ৷
