Bullet trains will run in India: দেশত দৌৰিব বুলেট ৰেল !

২০২৬ত স্বদেশী হাইস্পীড ৰেলসেৱাৰ সম্ভাৱনা

bulet train

ভাৰতত প্ৰথমখন বুলেট ৰে’ল চলাচলৰ বাবে সাজু হৈছে। ২০২৬ বর্ষত ভাৰতত তৈয়াৰী প্ৰথমখন হাইস্পীড ৰে’লৰ পৰীক্ষামূলক চলাচল আৰম্ভ কৰা হ’ব। তথ্য অনুসৰি, এই ৰে’লে প্রতি ঘণ্টাত ২৫০-২৮০ কিলোমিটাৰ গতিৰে যাত্রা কৰিব।

এই ৰে’লৰ বাবে ডবা ভাৰত আর্থ ম’ভাৰ্ছ লিমিটেড (বিইএমএল)-এ চেন্নাইত তৈয়াৰ কৰিছে। পূর্বে বুলেট ৰেলৰ বাবে ডবা জাপানৰ পৰা আমদানি কৰা হৈছিল । কিন্তু জাপনৰ পৰা আমদানী কৰা ডবাৰ মূল্য অধিক হোৱা হেতুকে এইবাৰ ভাৰততে বুলেট ৰে’লৰ বাবে ডবা নির্মাণ কৰা হৈছে।

বিইএমএলে দুখন হাইস্পীড ৰেলৰ ডবা নির্মাণ অব্যাহত ৰাখিছে। ইয়াৰ বাবে এই বিভাগে মুঠ ৮৬৭ কোটি টকা ব্যয় কৰিব। প্ৰতিটো ডবাৰ নিৰ্মাণ ব্যয় ২৭.৮৬ কোটি টকা নির্ধাৰণ কৰা হৈছে। ভাৰতে এয়ে প্ৰথমবাৰৰ বাবে মেড ইন ইন্ডিয়া হাইস্পীড ৰেলৰ ডবা নিৰ্মাণ কৰিছে।

এই অতি দ্রুতগামী ৰেল মুম্বাই- আহমেদাবাদৰ মাজত প্রথমে চলাচল কৰিব। ২০২৬ত চেন্নাইত থকা আইচিএফত বুলেট ৰেলৰ ডবাৰ পৰীক্ষামূলক চলাচল সম্পন্ন কৰা হ’ব।

Exit mobile version