Foods For New Moms: প্ৰসৱৰ পিছত নতুন মাতৃসকলে কেনেধৰণৰ খাদ্য খাব লাগে…

এগৰাকী নতুন মাতৃয়ে দৈনন্দিন আহাৰত কেনেধৰণৰ খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে জানো আহক...

New Mom

New Mom

প্ৰতিগৰাকী নাৰীৰ বাবে মাতৃত্বৰ সুখ অনাবিল । কোৱা হয় যে এগৰাকী নাৰীয়ে মাতৃত্বৰ সুখ লাভ কৰাৰ পিছতহে পূৰ্ণতা পায় । কিন্তু মাতৃত্বৰ পিছতে সাধাৰণতে নতুন মাতৃসকলে বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয় । এগৰাকী নাৰীক প্ৰসৱোত্তৰ সময়ত অতিৰিক্ত যত্নৰ প্ৰয়োজন হয়, বিশেষকৈ সুস্থাস্থ্য আৰু পুষ্টিৰ ক্ষেত্ৰত। সন্তান জন্ম হোৱাৰ সময়ৰ পৰা আৰোগ্য হ’বলৈ, মাতৃদুগ্ধ উৎপাদন কৰিবলৈ এগৰাকী নাৰীৰ শৰীৰত বিভিন্ন ধৰণৰ পুষ্টিৰ প্ৰয়োজন।

এগৰাকী নতুন মাতৃয়ে দৈনন্দিন আহাৰত কেনেধৰণৰ খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে জানো আহক…

➡️সেউজীয়া শাক-পাচলি (পালেং শাক, কেল আৰু মেথি) আইৰণ, কেলচিয়াম, ফোলেট আৰু ভিটামিন চিৰে ভৰ্তি… সেয়ে প্ৰসৱোত্তৰৰ পিছত এগৰাকী মহিলাৰ পুষ্টিৰ বাবে এনেধৰণৰ খাদ্য অত্যাৱশ্যকীয় ।
সেউজীয়া শাক-পাচলি এণ্টিঅক্সিডেণ্ট সমৃদ্ধ
উচ্চ আঁহযুক্ত খাদ্যই হজমত সহায়ক আৰু প্ৰসৱোত্তৰ মহিলাৰ কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰে ।

➡️খাদ্যত কণী যোগ কৰক । কণী হৈছে উচ্চ মানদণ্ডৰ প্ৰ’টিন, ভিটামিন ডি, আৰু কোলিনৰ এক উৎকৃষ্ট উৎস। নতুন মাতৃ আৰোগ্য হোৱা আৰু কেঁচুৱাৰ বিকাশৰ বাবে এইধৰণৰ পুষ্টি গুৰুত্বপূৰ্ণ।
বাদাম আৰু বীজ

➡️কাঠবাদাম, আখৰোট, চিয়া বীজ, আৰু ফ্লেক্সচিড হৈছে পুষ্টিযুক্ত খাদ্য । এইধৰণৰ খাদ্যই স্বাস্থ্যকৰ চৰ্বী, প্ৰ’টিন আৰু আঁহ প্ৰদান কৰে। এইধৰণৰ খাদ্যই নতুন মাতৃৰ শৰীৰত শক্তি প্ৰদান কৰাৰ লগতে মাতৃদুগ্ধৰ মানদণ্ড উন্নত কৰে।

➡️ মিঠা আলু হৈছে বিটা-কেৰোটিন সমৃদ্ধ উৎস, ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন এ থাকে, যিয়ে ৰোগ প্ৰতিৰোধ, স্বাস্থ্য আৰু দৃষ্টিশক্তিৰ বাবে অত্যাৱশ্যকীয়।

Exit mobile version