সকলো জল্পনা কল্পনাৰ অন্তত আজি লোকসভাত উত্থাপন হ’ল বহু চৰ্চিত এক দেশ, এক নিৰ্বাচন বিধেয়ক। কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে লোকসভাত উত্থাপন কৰিলে বিধেয়কখন।
আনহাতে বিধেয়ক খন উদ্থাপনৰ পিছতে কংগ্ৰেছ সহ আন আন দল সমূহে তীব্ৰ বিৰোধিতা কৰি সংসদ উত্তাল কৰি তোলে ৷ ইয়াৰ বিপৰীতে বিধেয়ক খনৰ সপক্ষে সংসদত ভাষণ দিয়ে গৃহমন্ত্ৰী অমিত শ্বাহে ৷ ইপিনে ,সংসদত বিধেয়ক খন উদ্থাপন কৰাৰ পূৰ্বে কালি এন ডি এ সাংসদ সকলক উপস্থিত থাকিবৰ বাবে জাৰি কৰা হৈছিল তিনি লাইনৰ হুইপ ৷
স্মতৰ্ৱ্য যে ১২ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে অনুমোদন দিছিল ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কখনত। আনহাতে লোকসভাত আজি কেন্দ্ৰীয় চৰকাৰে লোকসভাৰ অধ্যক্ষক এখন যুটীয়া সংসদীয় কমিটী গঠন কৰি দিয়াৰ বাবে অনুৰোধ জনোৱাৰ সম্ভাৱনা আছে ৷ যদি সংসদত যুটীয়া সংসদীয় কমিটী খন গঠন কৰা হয় ৷ তেন্তে বিধেয়ক খনৰ গ্ৰহণ যোগ্যতা সন্দৰ্ভত খৰচি মাৰে পৰ্যালোচনা কৰাৰ সমান্তৰালভাৱে দেশৰ বিভিন্ন ৰাজনৈতিক দলৰ সমূহৰ গ্ৰহণ কৰা হ’ব মতামত ৷
একেদৰে বিধেয়কখন আইনত পৰিণত হোৱাৰ পূৰ্বে দেশৰ সকলো ৰাজ্যত ৰাজহুৱা শুনানি গ্ৰহণ কৰি ৰাইজৰ মতামতো গ্ৰহণ কৰিব যুটীয়া সংসদীয় কমিটী খনে ৷