“মই ‘এক দেশ এক নিৰ্বাচন’ৰ সমৰ্থনত আছো ৷ নিৰ্বাচন বাৰে বাৰে হৈ থাকিলে উন্নয়নত প্ৰভাৱ পৰে, উন্নয়ন কমি যায় ৷ দেশত প্ৰতি বছৰে পাঁচখন ৰাজ্যৰ নিৰ্বাচন হয় ৷ কেন্দ্ৰীয় চৰকাৰৰে হওক বা ৰাজ্য চৰকাৰৰে হওক ৬ মাহৰ বাবে উন্নয়ন স্থৱিৰ হৈ যায় ৷” শিলচৰত খেল মহাৰণৰ কাৰ্যসূচী উদ্বোধন কৰি মন্ত্ৰী পীযুষ হাজৰীকাই এই মন্তব্য প্ৰকাশ কৰে ।
বুধবাৰে দলৰ সাংগঠনিক কামত বৰাক উপত্যকা ভ্ৰমণৰ সময়ত কাছাৰত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় । ভাৰতীয় জনতা পাৰ্টিৰ সংগঠন পৰ্ব কাৰ্যসূচীৰ অংশস্বৰূপে মন্ত্ৰীগৰাকীয়ে দলৰ কাছাৰ জিলা সমিতিৰ কাৰ্যকৰ্তাসকলে মত-বিনিময় কৰে।
এই কাৰ্যসূচী সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, “এয়া সম্পূৰ্ণ ৰাজনৈতিক ভ্ৰমণ ৷ এইবাৰ মই কোনো চৰকাৰী কাম লৈ ইয়ালৈ অহা নাই ৷ আমাৰ দলৰ সংগঠন পৰ্ব চলি আছে ৷ দলে মোক এটা দায়িত্ব দিছিল ৷ আমাৰ দলে প্ৰায় ৬২-৬৩ লাখ সদস্যভৰ্তি কৰিলে ৷ ভাৰতৰ ভিতৰত তথা দেশৰ ভিতৰত আমি খুব ভাল স্থান লাভ কৰিলো ৷ প্ৰায় ৮০ হাজাৰ আমাৰ এক্টিভ মেমম্বাৰ হোৱাৰ পথত ৷ এতিয়া আমাৰ মণ্ডল আৰু জিলাসমূহ গঠন হ’ব ৷ তাৰ কাৰণে মই ইয়ালৈকে আহিছো৷ কালি হাইলাকান্দি গৈছিলো, কৰিমগঞ্জলৈও গৈছো ৷ আজি কাছাৰ জিলাৰ আমাৰ কাৰ্যকৰ্তাসকলৰ লগত আলাপ-আলোচনা কৰিলো ৷ তেওঁলোকৰ পৰা পৰামৰ্শ ল’লো, তেওঁলোকৰ পৰামৰ্শখিনি মই ৰাজ্যিক সভাপতি আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাম ৷ তেওঁলোকেই সিদ্ধান্ত ল’ব যে তিনিখন জিলাৰ জিলা সভাপতি আৰু মণ্ডল সভাপতি কোন হ’ব ৷”
‘এক দেশ, এক নিৰ্বাচন’ক লৈ বিতৰ্ক অব্যাহত থকা সন্দৰ্ভত মন্ত্ৰীগৰাকীৰ পৰা প্ৰতিক্ৰিয়া জানিবলৈ বিচৰাত মন্ত্ৰীগৰাকীয়ে কয়, “এই ক্ষেত্ৰত মই অত্যন্ত সুখী আৰু মই ‘এক দেশ এক নিৰ্বাচন’ৰ সমৰ্থনত আছো ৷ নিৰ্বাচন বাৰে বাৰে হৈ থাকিলে উন্নয়নত প্ৰভাৱ পৰে, উন্নয়ন কমি যায় ৷ দেশত প্ৰতি বছৰে পাঁচখন ৰাজ্যৰ নিৰ্বাচন হয় ৷ কেন্দ্ৰীয় চৰকাৰৰে হওক বা সেই গোটেইকেইখন ৰাজ্যৰে হওক ৬ মাহৰ বাবে উন্নয়ন স্থবিৰ হৈ যায় ৷ কেন্দ্ৰীয় চৰকাৰখনৰ প্ৰত্যেক বছৰে ৪ মাহৰ কাৰণে উন্নয়ন স্থৱিৰ হৈ যায় আৰু উন্নয়নমূলক কামত অসুবিধা আহি পৰে ৷ একেলগে নিৰ্বাচন হ’লে সময়ো কম লাগিব, টকা-পইচা কম লাগিব, স্থৱিৰতা নাহিব ৷ গতিকে ব্যক্তিগতভাৱে মই কওঁ যে ‘ৱান নেশ্যন, ৱান ইলেকচন’ অত্যন্ত গুৰুত্বপূৰ্ণ ৷”
ইপিনে, মন্ত্ৰী পীযুষ হাজৰীকাই আজি শিলচৰত অনুষ্ঠিত হোৱা শিলচৰ বিধানসভা সমষ্টিভিত্তিক খেল মহাৰণৰ কাৰ্যসূচী উদ্বোধন কৰে। উল্লেখ্য যে খেল মহাৰণৰ প্ৰথম সংস্কৰণৰ অভূতপূৰ্ব সফলতাৰ পাছত এতিয়া ৰাজ্যজুৰি অনুষ্ঠিত হৈ আছে ইয়াৰ দ্বিতীয় সংস্কৰণ। ৰাজ্যৰ যুৱ প্ৰতিভাৰ বিকাশৰ লক্ষ্যৰে নতুন খেল অন্তৰ্ভুক্তি, নতুন ক্ৰীড়া প্ৰতিভাৰ সৈতে অনুষ্ঠিত হৈছে ৰাজ্যৰ ক্ৰীড়া ইতিহাসৰ সৰ্ববৃহৎ প্ৰতিযোগিতা ‘খেল মহাৰণ ২.০’।