Tragic accident in the Arabian Sea off the coast of Mumbai:
মুম্বাইৰ উপকূলৱর্তী আৰৱ সাগৰত বুধবাৰে ভাৰতীয় নৌসেনাৰ এখন স্পীডবোটে নিয়ন্ত্রণ হেৰুৱাই এখন শতাধিক যাত্রীবাহী ফেৰীক খুন্দা মৰাত এজন নৌসেনা বিষয়াসহ কমেও ১৩ জন লোকৰ প্ৰাণহানি ঘটাৰ লগতে আন তিনিজন গুৰুতৰভাৱে আহত হয়।
ফেৰীখনৰ কোনো যাত্রীয়ে ম’বাইল ফোনেৰে তোলা ভিডিঅ’ সামাজিক মাধ্যমত দেখা গৈছে। দুর্ঘটনাত পতিত ফেৰীখনত ১১০ জন যাত্ৰী আছিল। দুৰ্ঘটনাৰ পাছতে ভাৰতীয় নৌসেনা আৰু উপকূলৰক্ষী বাহিনীয়ে ১১ খন নাও লৈ সমুদ্ৰবক্ষত উদ্ধাৰ অভিযানত নামি পৰে। তেওঁলেকক সহযোগ কৰে সমুদ্ৰ আৰক্ষী, আৰক্ষী, জৱাহৰলাল নেহৰু বন্দৰ কৰ্তৃপক্ষৰ কৰ্মচাৰী আৰু মাছমৰীয়াই।