All India Youth Congress President:
এপিচিচিৰ আইন কোষৰ সম্পাদক মৃদুল হুছেইনৰ মৃত্যু ঘটনাৰ ন্যায়িক তদন্তৰ দাবীত শুক্ৰবাৰে কংগ্ৰেছৰ জনতা ভৱন ঘেৰাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহি গুৱাহাটী হোটেলত আবদ্ধ হৈ থাকিবলগীয়া হ’ল যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি উদয় ভানু শিৱ ৷ মহানগৰীৰৰ জি এছ ৰোডৰ মাণিক নগৰৰ ‘আইৰিছ হোটেলতে পুৱতি নিশাৰে পৰা আৰক্ষীয়ে আবদ্ধ কৰে ৰাখে যুৱ কংগ্ৰেছৰ নেতা গৰাকীক ৷ আৰক্ষীয়ে ম’বাইল পৰ্যন্ত জব্দ কৰে সভাপতি গৰাকীৰ ৷
আনকি উদয় ভানু শিৱক সাক্ষাৎ কৰিবলৈ যোৱা অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি জুবেৰ আলমকো বাধাৰোপ কৰে আৰক্ষীয়ে৷ জুবেৰ আলমৰ স’তে আৰক্ষী বিষয়াৰ তৰ্কাতৰ্কি পৰ্যন্ত হয় ৷ হোটেলৰ বাহিৰত মহানগৰ আৰক্ষীয়ে সষ্টম কৰি ৰাখে আৰক্ষী-নিৰপত্তাৰক্ষীক ৷
শেহতীয়া খবৰ অনুসৰি যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি উদয় ভানু শিৱক আৰক্ষীয়ে নিৰাপত্তা বেষ্টনীৰে হোটেলৰ পৰা পোনে পোনে বৰঝাৰস্থ বিমান কোঠৰ পৰা দিল্লীলৈ উভতাই পঠিয়াব ৷
উল্লেখ্য যে, বুধবাৰে মহানগৰীত কংগ্ৰেছৰ প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ আহি আৰক্ষীয়ে প্ৰয়োগ কৰা কন্দুৱা গেছৰ শ্বেল গাত পৰি আঘাতপ্ৰাপ্ত হৈছিল এপিচিচিৰ আইন কোষৰ সম্পাদক মৃদুল হুছেইন ৷ পিছত হুছেইনক জিএমচিএইছত ভৰ্তি কৰা হয় যদিও চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে ৷ এই ঘটনাই সৃষ্টি কৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ এপিচিচিয়ে এই ঘটনাৰ প্ৰতিবাদত জনতা ভৱন ঘেৰাও কাৰ্যসূচী ঘোষণা কৰে ৷