Bhedailota Benefits: ভেদাইলতা শাক কিয় খাব লাগে জানেনে ?

ভেদাইলতা শাক কিয় খাব লাগে জানেনে ?

ভেদাইলতা

ভেদাইলতা আমাৰ সকলোৰে চিনাকি বনশাক ৷ ইয়াৰ উৎকট গোন্ধেৰ জৰিয়তেই সহজতে চিনিব পাৰি ।আমাৰ গাঁওসমূহত ভেদাইলতা শাক অতি সহজতে উপলব্ধ হয় । এই শাকবিধৰ পাত বা ঠাৰিৰ পৰা মানুহে আঞ্জা ৰান্ধি খায় । জানিব পৰামতে, অতি প্ৰাচীন কালৰে পৰা চীন, ভিয়েটনাম, ব্ৰহ্মদেশ আদিত ঔষধ ৰূপে ভেদাইলতা শাকৰ প্ৰচলন হৈ আছিল ৷ আমি সকলোৱে জ্ঞাত যে, ভেদাইলতা বিভিন্ন ঔষধি গুণাগুণেৰে সমৃদ্ধ ৷ ভেদাইলতা শাক বহুতে দুৰ্গন্ধৰ বাবে খাবলৈ বেয়া পায় যদিও এই শাকবিধ খোৱাটো আমাৰ শৰীৰৰ বাবে অত্যন্ত প্ৰয়োজনীয় । ভেদাইলতা শাকৰ স্বাস্থ্য উপকাৰিতা সন্দৰ্ভত জানি লও আহক…

-বাতবিষৰ সমস্যা থাকিলে ভেদাইলতাৰ ৰস খাব লাগে ৷
-অৰ্শৰোগত ভেদাইলতাৰ শিপাৰ ৰস খাব লাগে ৷
-ভেদাইলতা শুক্ৰবৰ্ধক, বল শক্তি দায়ক ৷ পাত আৰু শিপাৰ ৰস নিয়মীয়াকৈ খালে শক্তি বাঢ়ে
-দাঁতৰ বিষ হ’লে ভেদাইলতাৰ গুটি খাব লাগে ৷
-মহিলাৰ জৰায়ুজনিত আৰু প্ৰসৱকালীন সমস্যাত ভেদাইলতা খাব লাগে ৷
-ভেদাইলতাৰ ৰসৰ প্ৰলেপে জ্বৰৰ উপশম ঘটায় ৷
-ভেদাইলতাৰ ৰস স্নায়ু ৰোগতো ভাল ৷
-হাড় ফাটিলে বা মোচোকা খালে ভেদাইলতা পিচি তাৰ প্ৰলেপ দিব লাগে ৷
-ভেদাইলতাৰ ৰসে হজম শক্তি বঢ়ায় ৷
-ছালৰ ৰোগত ভেদাইলতাৰ প্ৰলেপ দিলে সুফল পোৱা যায় ৷
-এলাৰ্জীৰ সমস্যা থাকিলে নিয়মিত ভেদাইলতা শাক খাওক ।
-যকৃতৰ সমস্যাত ভেদাইলতা খাব লাগে ৷
-প্ৰাৰম্ভিক পৰ্যায়ত মূত্ৰনলীৰ পাথৰ উলিয়াবলৈও পথ্য হিচাপে ইয়াৰ ব্যৱহাৰ কৰিব পাৰি ৷
-কীট-পতংগই কামুৰিলে ভেদাইলতাৰ ৰস লগালে বিষ, প্ৰদাহ আদি কমে ৷

Exit mobile version