Cachar Congress Protest In Silchar:
গুৱাহাটীৰ পিছত শিলচৰতো কংগ্ৰেছৰ প্ৰতিবাদী সমদলক বাধাৰোপ কৰে শিলচৰ আৰক্ষীয়ে ৷ বুধবাৰে গুৱাহাটীত সংঘটিত আন্দোলনত আৰক্ষীৰ লাঠিচাৰ্জ আৰু কন্দুৱা গেছৰ কাণ্ডৰ প্ৰতিবাদ আৰু কংগ্ৰেছ কৰ্মী মৃদুল ইছলামৰ হত্যাকাণ্ডৰ ন্যায়িক তদন্তৰ দাবীত কাছাৰ জিলা কংগ্ৰেছে শুকুৰবাৰে শিলচৰত এক শোভাযাত্ৰা উলিয়ায়। জিলা সভাপতিৰ নেতৃত্বত সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে অংশ লোৱা সমদলক আৰক্ষীয়ে বাধা দিয়ে। আৰক্ষীয়ে আটক কৰে কে’বাজনো কংগ্ৰেছীক ।
ইয়াৰ ফলত আৰক্ষী আৰু কংগ্ৰেছ কৰ্মীৰ মাজত খণ্ডযুদ্ধৰ সৃষ্টি হয়। পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰতিবাদকাৰী কংগ্ৰেছীক ৷ আনহাতে জিলা কংগ্ৰেছৰ সভাপতি অভিজিৎ পালে আজি দিছপুৰত কংগ্ৰেছীৰ ওপৰত আৰক্ষীয়ে কৰা বাধাৰোপ কৰা কাৰ্যক তীব্ৰ গৰিহণা দিয়ে আৰু কংগ্ৰেছ কৰ্মী মৃদুল ইছলামৰ হত্যাকাণ্ডৰ উচিত তদন্তৰ দাবী জনায়।
জিলা সভাপতি গৰাকীয়ে সকীয়াই দিয়ে যে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ ছত্ৰছায়াত থকা আৰক্ষীয়ে তেওঁলোকৰ আন্দোলন ৰোধ কৰিব নোৱাৰিব আৰু আগন্তুক দিনতো এই আন্দোলন অব্যাহত ৰাখিব ৷ উল্লেখ্য যে ,শিলচৰত জিলা কংগ্ৰেছে আয়োজন কৰা এই প্ৰতিবাদী সমদলত সেৱা দল, যুৱ কংগ্ৰেছ, এন এছ ইউ আইৰ কে’বা সহস্ৰাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷