চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ ৰাজধানীত আজি অনুষ্ঠিত হয় উত্তৰ-পূব পৰিষদৰ ৭২সংখ্যক পূৰ্ণাংগ পৰিকল্পনাৰ বৈঠক ৷
কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা বৈঠকত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া সহ উত্তৰ পূবৰ আঠ ৰাজ্যৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীয়ে ৷ অসম,অৰুণাচল, ত্ৰিপুৰা, মিজোৰাম, নাগালেণ্ড,
মণিপুৰ, মেঘালয় আৰু চিকিমৰ মুখ্যমন্ত্ৰীসকল পুৱাই উপস্থিত হয় আগৰতলাত ৷ অসমৰ মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই অংশ লয় এন ই চিৰ ৭২সংখ্যক পূৰ্ণাংগ অধিৱেশনত টীম নৰ্থ ইষ্টত ।
উল্লেখ্য যে, তিনিদিনীয়া ভ্ৰমণ সূচীৰে আগৰতলা উপস্থিত হয় দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ৷ শ্বাহে আগৰতলাত বিজেপিৰ ৰাজ্যিক কাৰ্যালয় গৃহৰ আধাৰশিলাৰ লগতে চিয়াং শৰনাৰ্থীৰ শিৱিৰ পৰিদৰ্শন কৰি আবাসীৰে কৰিব মতবিনিময় ৷