Mridul Islam’s residence TMC leaders:কংগ্ৰেছ নেতা মৃদুল ইছলামৰ বাসগৃহত অসম তৃনমূল কংগ্ৰেছৰ নেতৃবৰ্গ

dulu ahmed 1

Mridul Islam’s residence TMC leaders:

প্ৰয়াত কংগ্ৰেছ নেতা মৃদুল ইছলামৰ বাসগৃহত আজিও শোকাকুল পৰিৱেশ ৷ শোকাকুল পৰিৱেশৰ মাজতে মৃদুল ইছলামৰ বাসগৃহত আজি উপস্থিত হয় অসম তৃনমূল কংগ্ৰেছৰ কেইবাজনো নেতা ৷

ADVERTISEMENT

আজি দিনৰ ভাগত সোণতলীৰ কিচমত কাঠমিস্থিত মৃদুল ইছলামৰ বাসগৃহত অসম তৃনমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰমেন চন্দ্ৰ বৰঠাকুৰ, ৰাজ্যিক মুখ্য সমন্বয়ক দুলু আহমেদৰ লগতে বহু কেইজন নেতা-কৰ্মী উপস্থিত  হৈ শোকস্তব্ধ পৰিয়ালৰ বুজ লয় ৷

অসম তৃণমূল কংগ্ৰেছৰ দলটোৱে মৃদুলৰ পত্নীৰ সৈতে আলোচনাত মিলিত হয় আৰু  এক শোকবাৰ্তা প্ৰদান কৰে। ইয়াৰ পিছতে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক মুখ্য সমন্বয়ক দুলু আহমেদে ভাষন প্ৰদান কৰি দলৰ ফালৰ পৰা প্ৰয়াত মৃদুল ইছলামৰ এটি সন্তানৰ তিনিবছৰ পঢ়াৰ খৰচৰ বাবদ এক লাখ টকাৰ চেক মৃদুলৰ পত্নীক প্ৰদান কৰে । দলটোৱে মৃদুলৰ বৃদ্ধ মাতৃৰ সৈতেও আলোচনাত মিলিত হয়।

Exit mobile version