National Beach Handball:ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা বাবে হেণ্ডেবলৰ ছোৱালী দল যোগ্যতা অৰ্জন।

যোৰহাটৰ ব্ৰহ্মপুত্ৰৰ বালিচৰত হেণ্ডেবল দলৰ বাচনি আৰু প্ৰস্তুতি

handball

National Beach Handball:

উত্তৰাখণ্ডত হ’বলগীয়া নেচনেল গেমছৰ বাবে পুন পৰ্যায়ত প্ৰস্তুতি আৰম্ভ কৰিছে অসম দলৰ হেণ্ডবল খৈলুৱৈ সকলে।যোৰহাট জিলাৰ বাঘমৰা নৈসৰ্গিক ব্ৰহ্মপুত্ৰৰ বালিচৰত আৰম্ভ কৰা হৈছে হেণ্ডেবল দলৰ খেলুৱৈ সকলৰ অনুশীলন আৰু প্ৰস্তুতি শিৱিৰ।অসমৰ বিভিন্ন জিলা হেণ্ডেবল দলৰ খেলুৱৈ সকল বাঘমৰা বালিচৰ প্ৰস্তুতি শিবিৰত উপস্থিত হৈছে আৰু প্ৰশিক্ষণ প্ৰাপ্ত প্ৰশিক্ষকৰ দ্বাৰা লৰা আৰু ছোৱালীৰ উভয় দলক উন্নত মানদণ্ডৰ প্ৰশিক্ষণ দি থকা হৈছে।

১৫ ডিচেম্বৰ পৰা আৰম্ভ হোৱা প্ৰস্তুতি শিবিৰ ২০২৫ বৰ্ষৰ ৭ জানুৱাৰীত সমাপ্ত হ’ব। আনহাতে উক্ত শিবিৰত উপস্থিত থকা হেণ্ডবল দলৰ বিষয়ববীয়া সকলে কয় যে গুৱাহাটী সৰুসজাইত ১০ আৰু ১৩ জানুৱাৰীত অনুষ্ঠিত হ’ব লগীয়া National Beach Handball প্ৰতিযোগিতা বাবে অসম দলৰ লৰা- ছোৱালী প্ৰতিযোগিয়ে এই স্থানতেই প্ৰশিক্ষণ দিয়া হৈছে আৰু ইয়াৰ পৰাই উক্ত গেমছৰ বাবে দল নিবাচন কৰা হ’ব বুলি জানিবলৈ দিয়া লগতে তেওঁ লোকে কয় যে ইতিমধ্যে উত্তৰাখণ্ডত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় গেমছৰ বাবেই ইতিমধ্যে ছোৱালী হেণ্ডবল দলে যোগ্যতা অৰ্জন কৰিছে আৰু দুয়োটা ৰাষ্ট্ৰীয় গেমছৰ বাবে প্ৰশিক্ষণ দিয়া হৈছে ।

National Beach handball প্ৰতিযোগিতাত উন্নত প্ৰদৰ্শন আগৱঢ়োৱা খৈলুৱৈ সকলে উত্তৰাখণ্ডত অনুষ্ঠিত হ’বলগীয়া নেচনেল গেমছৰ বাবে মনোনীত হ’ব । দুয়োটা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাতেই অসম দলে পদক লাভ কৰিব পাৰিব বুলি প্ৰশিক্ষক আশাবাদী। আনহাতে হেণ্ডবল দলৰ খৈলুৱৈ সকলে যাতে এক সুন্দৰ পৰিবেশত থাকি তেওঁ লোকে খেলৰ বাবে প্ৰস্তুতি চলাব পাৰে তাৰ বাবে প্ৰাকৃতিক নৈসৰ্গিক পৰিবেশে বিৰাজমান বাঘমৰা ব্ৰহ্মপুত্ৰৰ বালিচৰক স্থান হিচাপে নিৰ্বাচিত কৰা হৈছে,এনে এক সুন্দৰ পৰিবেশ লাভ কৰি খৈলুৱৈ সকলে পুন্য উদ্যোমে অনুশীলনত জপিয়াই পৰা পৰিলক্ষিত হৈছে । সকলোৰে এটাই সংকল্পবব্ধ আমি দুয়োটা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি অসমৰ বাবে পদক কঢ়িয়াই আনিম।

Exit mobile version