Road Accident In Super Market: মহানগৰীৰ চুপাৰ মাৰ্কেটৰ উৰণসেতু শোকাৱহ পথ দুর্ঘটনা

দ্ৰুত বেগী অচিনাক্ত বাহনে মহটিয়াই নিয়ে দুই বাইক আৰোহী, থিতাতে নিহত ৰেপিড' চালক, চিকিৎসাধীন অৱস্থাত জিএমচিএইছত মৃত্যু এগৰাকী যুৱতী, যুৱতী গৰাকী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা

ACCIDENT 2

Road Accident In Super Market:

দেওবাৰে নিশা ছুপাৰ মাৰ্কেটৰ উৰণ সেতুত সংঘটিত হোৱা এক ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল এহাল যুৱক- যুৱতীৰ ৷ দ্ৰুত বেগী অচিনাক্ত বাহনে মহটিয়াই নিয়ে দুই বাইক আৰোহীক। থিতাতে নিহত হয় ৰেপিড’ চালক ৷ আনহাতে বাহন খনৰ আৰোহী এগৰাকী যুৱতীক গুৰুতৰভাৱে আহত অৱস্থাত জিএমচিএইছলৈ নিয়া হয় যদিও তাতে শেষ নিশ্বাস ত্যাগ কৰে ৷

প্ৰাপ্ত খবৰ অনুসৰি দেওবাৰে নিশা এজন বাইকত উঠি এগৰাকী যুৱতী গৈ থকা অৱস্থাত বিপৰীতে দিশৰ পৰা দ্ৰতবেগত অহা বাহন এখনে মহটিয়াই নিয়ে ৷ ঘটনাস্থলীত নিহত হৈছিল ৰেপিড’ চালক ৰঞ্জিত ৰাজবংশী। মৃত ৰঞ্জিত ৰাজবংশীৰ ঘৰ নলবাৰীৰ কেন্দুকুছিত। বহুদিন ধৰি গুৱাহাটীত ৰেপিড’ চলাই জীৱন নিৰ্বাহ কৰি আছিল ৰঞ্জিতে।

আনহাতে বাইক খনৰ আৰোহী মৃত যুৱতী গৰাকীৰ নাম প্ৰিয়া সোণাৰ ৷ তেওঁৰ ঘৰ লামডিঙত । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আছিল সোণাৰ(২৫) ৷ ঘটনাৰ পিছতে ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হয় ।

Exit mobile version