Naushad Akhtar Hazarika Wins Krantikal Award 2024 :নগাঁৱৰ বিশিষ্ট সমাজ সংগঠক নৌচাদ আখতাৰ হাজৰিকালৈ ক্ৰান্তিকাল সন্মান ২০২৪ বঁটা

naushadda

Naushad Akhtar Hazarika Wins Krantikal Award 2024 :

নগাঁৱৰ শিৱকান্ত-ক্ৰান্তিকাল ন্যাসে আগবঢ়াই অহা ক্ৰান্তিকাল সন্মান ২০২৪ বৰ্ষৰ বাবে আগবঢ়োৱা হৈছে বিশিষ্ট সমাজ সংগঠক আৰু নেতৃত্বৰে নগাঁৱৰ অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান কল্লোলক যোৱা বাৱন্নটা বছৰে আগুৱাই নিয়া নৌচাদ আখতাৰ হাজৰিকাক ।‌

১৯৫০ চনত নগাঁৱত জন্মগ্ৰহণ কৰা হাজৰিকাই ১৯৭২ চনত প্ৰতিষ্ঠা হোৱা কল্লোলৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে দায়িত্বভাৰ লৈ বিগত সময়ছোৱাত কল্লোল আৰ্ট স্কুল , নগাঁও চিনে ক্লাব , নগাঁও গ্ৰন্থ মেলা আদিৰ গুৰি ধৰোঁতা হৈ নগাঁৱৰ সাহিত্য আৰু সাংস্কৃতিক পৰিমণ্ডলৰ নিৰ্মাণ আৰু আগুৱাই নিয়াত নীৰৱে গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে ।

খাদ্য আন্দোলন আৰু মাধ্যম আন্দোলনৰ অগ্ৰণী নেতা নৌচাদ আখতাৰ হাজৰিকাই বিগত পঞ্চাছ বছৰে নগাঁৱৰ প্ৰায় সকলো সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত হৈ থকাৰ লগতে বহুতো প্ৰতিভাৱান ব্যক্তি আগুৱাই যোৱাত আৰু প্ৰতিষ্ঠা লাভ কৰাত আঁৰত থাকি পৃষ্ঠপোষকৰ ভূমিকা পালন কৰি আছে ।

এখন চহৰৰ সাংস্কৃতিক, বৌদ্ধিক পৰিবেশ এটা নিৰ্মাণ আৰু চলাই নিয়াত এজন ব্যক্তিৰ থাকিব পৰা নীৰৱ অৱদানক শ্ৰদ্ধাৰে স্বীকাৰ কৰি নৌচাদ আখতাৰলৈ এই সন্মান আগবঢ়োৱা হৈছে বুলি শিৱকান্ত-ক্ৰান্তিকাল ন্যাসৰ কৈলাস ৰাজখোৱাই জানিবলৈ দিছে । ইতিমধ্যে এই সন্মান আগবঢ়োৱা হৈছে কবীন ফুকন , আনন্দ চন্দ্ৰ দত্ত , প্ৰণৱজ্যোতি ডেকা, বসন্ত ডেকা, জ্ঞান পূজাৰী , সনন্ত তাতি, ৰফিকুল হোছেইন , অনিল ৰায়চৌধুৰী, খগেন গগৈ , জ্যোতিষ শিকদাৰ আৰু ধনী বৰালৈ ।

Exit mobile version